Local, Vocal, Global

কইনাধৰাত সীমা সমস্যাক লৈ অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ৰ বৈঠক

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক। গুৱাহাটীৰ কইনাধৰাত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হৈছে এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকতে দীৰ্ঘদিনীয়া সীমা সমস্যাৰ অন্ত পৰাৰ সম্ভাৱনা আছে। সীমা সমস্যাক লৈ দীৰ্ঘদিনে কেইবালানিও আলোচনা অনুষ্ঠিত হৈছিল যদিও এই সামগ্ৰ প্ৰক্ৰিয়াক চূড়ান্ত ৰূপ দিয়াৰ বাবে আজি দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয় বৈঠকত বহিছে।

উল্লেখ্য যে, ইয়াৰপূৰ্বেও বিগত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেঞ্চ যোগে শোনিতপুৰ, ওদালগুৰি, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ উপায়ুক্তসকলৰ সৈতে অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিছিল।

অসমৰ প্ৰায় ৮, ৩৯৫.২৫ হেক্টৰ ভূমি অৰুণাচলে বেদখল কৰি ৰাখিছে। ইয়াৰে শোনিতপুৰ জিলাত ১.০৮ হেক্টৰ, বিশ্বনাথৰ ৪৭৫১ হেক্টৰ, লখিমপুৰৰ ১৯৭৫.৪১ হেক্টৰ, ধেমাজিৰ ১০৫৫.৭৪ হেক্টৰ, ডিব্ৰুগড়ৰ ১০ আৰু চৰাইদেউৰ ৬০২. ০১ হেক্টৰ অসমৰ ভূমি বেদখল কৰি ৰাখিছে অৰুণাচলে।