Local, Vocal, Global

আলফাৰ নাম লৈ উজনিত পুনৰ ধন দাবী

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ এইবাৰ আলফাৰ নাম লৈ উজনিত পুনৰ ধনদাবী। আলফাৰ নামত ব্যৱসায়ীক ৭ লাখ টকা ধনদাবী কৰে। তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকজানত এই ঘটনা সংঘটিত হৈছে।

সেনাৰ পোচাক পৰিধান কৰা তিনিজন যুৱকে ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰি দাবী কৰে ৭ লাখ টকা। এখন মটৰ চাইকেলত আহিছিল তিনিজনকৈ যুৱক।

ফিল’বাৰীৰ কাকজান কেঁচা চাহপাতৰ ক্ষুদ্ৰ ব্যৱসায়ী উমেশ শ্বাহৰ ঘৰত প্ৰৱেশ কৰি দাবী কৰিছিল ধন।

ব্যৱসায়ীজনক পূৰ্বতেও এইদৰে আলফাৰ নামত ধনদাবী কৰিছিল বুলি জানিব পৰা গৈছে। বিগত বছৰৰ অক্টোবৰ মাহত অপহৰণো কৰা হৈছিল ব্যৱসায়ী উমেশ শ্বাহক।

মঙ্গলবাৰে সন্ধিয়া ব্যৱসায়ীজনৰ ঘৰলৈ অহা যুৱককেইজনৰ সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী হয়।