Local, Vocal, Global

সীমা সমস্যাৰ সমাধানৰ উদ্দেশ্যে মিলিত হয় অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্রী

গুৱাহাটী, ২২ নৱেম্বৰঃ  অসম আৰু নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিবলৈ বিভিন্ন সময়ত দুয়োখন ৰাজ্যৰ মাজত আলোচনা হৈছে যদিও আজি পৰ্যন্ত তাৰ সমাধান হোৱা নাই  । এইবাৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই সমস্যাৰ সমাধানৰ উদ্দেশ্য দুয়োখন ৰাজ্যৰ প্ৰতিনিধি লগ হৈ সীমান্ত অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰে  ।
 ২১ নৱেম্বৰত যোৰহাটৰ আৱৰ্ত ভৱনত অসম আৰু নাগালেণ্ডৰ ৪৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভৌগোলিক সীমান্তৰ স্থায়ী সীমা নিৰ্ধাৰণৰ লগতে  সীমান্ত অঞ্চলৰ আইন-শৃংখলা পৰিস্থিতি, ৰাজ্য দুখনৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰা আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ এনে ঐতিহাসিক পদক্ষেপে বছৰৰ পাছত বছৰ ধৰি চলি অহা এই সমস্যাৰ সমাধান কৰিব বুলি দুইখন ৰাজ্যৰ ৰাজ্যবাসীয়ে আশা কৰিছে  ।