Local, Vocal, Global

পুনৰ বৃদ্ধি পালে এয়াৰটেলৰ মাহেকীয়া মাচুল

এয়াৰটেল চিম কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে দুখবৰ ।  টেলিকম অপাৰেটৰ ভাৰতী এয়াৰটেলে সোমবাৰে বিভিন্ন প্ৰিপেইড ব্যৱহাৰকাৰীসকলৰ অফাৰৰ বাবে ২০-২৫ শতাংশ শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰে, যাৰ ভিতৰত আছে শুল্কযুক্ত ভইচ প্লেন, সীমাহীন ভইচ বাণ্ডেল আৰু ডাটা টপ-আপ । এই নতুন হাৰ  অহা ২৬ নৱেম্বৰ , শুক্ৰবাৰৰ পৰা কাৰ্যকৰী হ’ব।
উল্লেখযোগ্য যে যোৱা ডিচেম্বৰ মাহত শেষ বাৰৰ বাবে এয়াৰটেলে মাচুল বৃদ্ধি কৰিছিল ।
এই নতুন শুল্ক প্ৰযোজ্য হোৱাৰ পিছত এয়াৰটেলৰ ১৪৯ টকীয়া মাহেকীয়া মাচুল বৃদ্ধি পাই হ’ব ১৭৯ টকা , ৩৯৯ টো হবগৈ ৪৭৯ টকা  ।
আশংকা কৰা হৈছে যে বাকী টেলিকম কোম্পানী সমূহেও কম দিনৰ ভিতৰতে মাচুলসমূহ বৃদ্ধি কৰিব ।