Local, Vocal, Global

Assam Aims for Another World Record : ২৫ হাজাৰ বিহুৱা-বিহুৱতীক লৈ নতুন দিল্লীত আয়োজন হ’ব বিহু নৃত্য

নিউজ ডেস্ক, ২ জুলাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত আয়োজিত এক অনুষ্ঠানত এখন বাকৰিত আয়োজিত সৰ্ববৃহৎ বিহু নৃত্যৰ বিশ্ব অভিলেখত অংশ লোৱা ডিব্ৰুগড় জিলাৰ বিহুৱা-বিহুৱতীসকলক প্ৰমাণপত্ৰ আৰু সন্মান প্রদান কৰে(Assam Aims for Another World Record) ।

সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰখনত বিশ্ব অভিলেখ দখল কৰাৰ আন এক প্ৰচেষ্টাৰ বাবে সাজু হৈছে অসম, কিয়নো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত গণ বিহু নৃত্য অনুষ্ঠানৰ পৰিকল্পনা ঘোষণা কৰিছে(Assam Aims for Another World Record)। এই বাৰৰ লক্ষ্য হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২৫ হাজাৰ বিহু নৃত্যশিল্পীৰ এক আকৰ্ষণীয় বিহু অনুষ্ঠিত হোৱা । ২০২৬ চনৰ ভিতৰত এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ ১৩ এপ্ৰিলত অসমৰ বিহুৱা আৰু বিহুৱতীসকলে একত্ৰিতভাৱে অসমৰ বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় । ১৪ এপ্ৰিলত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিহু প্রত্যক্ষ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেইদিনা অসম তথা ভাৰতৰ প্ৰতিটো টেলিভিশ্যন চেনেলে এই অনুষ্ঠান সম্প্ৰচাৰ কৰিছিল(Guinness Book of World Records) ।

তেওঁ লগতে কয় যে চীন, ইউৰোপৰ দেশকে ধৰি বিদেশত বহু ৰাষ্ট্ৰ সংবাদ মাধ্যমত বিহুৰ বিষয়ে প্রকাশ পাইছিল । ইয়াৰ লগতে প্রবাসী অসমীয়া সকলে বিহুক লৈ গৌৰৱ কৰিব পাৰিছিল । ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে গুৱাহাটীত একেলগে নৃত্য পৰিৱেশন কৰাটো এক সহজ নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত অনুষ্ঠিত এই অনুষ্ঠানে পৰৱৰ্তী পৰ্যায়ত বৃহৎ পৰিসৰত বিহু নৃত্য পৰিৱেশনৰ বাবে এক পৰিৱেশ নিমণি কৰিলে ।

অসমীয়া মানুহৰ নিজস্ব যে সাজ-পোছাক আছে সেই কথা এই অনুষ্ঠানৰ জৰিয়তে বিশ্ববাসীক অসমে দেখুৱালৈ সক্ষম হৈছিল । ঢুলীয়া সকলে আন এক ৰেকৰ্ড গঢ়ি তুলিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষ তথা বিশ্বৰ মানুহে ঢোল আৰু পেপাৰ যে সুকীয়া সৌৰভ আছে এই কথা পূৰ্বে উপলব্ধি কৰিব পৰা নাছিল। আমাৰ সংস্কৃতিৰ বল আৰু শক্তি আছে । ইয়াক ইমান দিনে বিশ্বৰ দৰবাৰলৈ লৈ যোৱা হোৱা নাছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচা লোৱাৰ পিছত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ডিঙিত গামোচা লোৱা দেখিবলৈ পোৱা যায় । এতিয়া গামোচা কেৱল অসমীয়া মানুহে ডিঙিত নলয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া সংস্কৃতি ভাৰতৰ বিভিন্ন ঠাইত বিয়পি পৰিছে । দুই তিনি বছৰ এনেদৰে বিহুৰ আয়োজন কৰিলে ভাৰতৰ অন্যান্য নৃত্যৰ দৰে বিহুকো প্ৰশিক্ষণ দিয়া আৰম্ভ হ’ব । অসমৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ লৈ গৈ বিহুৰ প্ৰশিক্ষণ আৰম্ভ হ’ব বুলিও তেওঁ কয়।

লগতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০২৬ চনৰ ভিতৰত ২৫ হাজাৰ বিহুৱা-বিহুৱতীক লৈ নতুন দিল্লীত এনেধৰণৰ অনুষ্ঠান আয়োজনৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিব লাগিব ।

নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী অনুষ্ঠান আয়োজনৰ পিছতে বীৰ লাচিত বৰফুকনৰ বিষয়ে জানিবলৈ মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লাচিত বৰফুকনৰ বিষয়ে এখন গ্ৰন্থ প্রকাশ কৰা হৈছে । এই গ্ৰন্থখন ভাৰতবৰ্ষৰ প্রতিটো ভাষাতে অনুবাদ কৰা হ’ব । প্রত্যেকখন ৰাজ্যত গৈ সেই গ্ৰন্থখন উদ্বোধন কৰাৰ লগতে প্ৰত্যেকখন ৰাজ্যতে যাতে লাচিত বৰফুকন সম্পৰ্কীয় বিষয় পাঠ্যপুথিত সন্নিবিষ্ট হয়, সেই বিষয়ত ৰাজ্য চৰকাৰে প্রচেষ্টা চলাই আহিছে । যোৰহাটত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। সেই বৃহৎ প্ৰতিমূৰ্তি সম্পূৰ্ণ হোৱাৰ পিছত ভাৰতবৰ্ষৰ প্রথম তিনিটা প্রতিমূৰ্তিৰ ভিতৰত স্থান লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ।

আনহাতে অসমৰ গাঁৱে-ভূঞে ক্রীড়া আৰু সংস্কৃতিক লৈ এক নতুন পৰিৱেশ নিৰ্মণি কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাইছে । প্রতিখন গাঁৱতে বিহুৰ এটি দল গঠন কৰা হ’ব। তেওঁলোকে গাওঁ পঞ্চায়তত আহি প্রতিযোগিতাত অংশ ল’ব পাৰিব । পাঁচটা বিষয়ক লৈ এই প্রতিযোগিতাৰ আয়োজন কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গাওঁ পঞ্চায়তৰ পৰা সমষ্টি ভিত্তিত আৰু পৰৱৰ্তী পৰ্যায়ত জিলা ভিত্তিত এই প্রতিয়োগিতা আয়োজন কৰা হ’ব। ইয়াৰ পিছত ৰাজ্যিক ভিত্তিত এক সাংস্কৃতিক উৎসৱ আয়োজন কৰি প্ৰতিখন জিলাৰ ভিতৰত প্রতিযোগিতা আয়োজন কৰা হ’ব । এই প্ৰচেষ্টাত দুই লাখতকৈও অধিক ল’ৰা-ছোৱালীক অসমৰ সংস্কৃতিৰ লগত জড়িত কৰিব বিচাৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । লগতে কয় যে নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ এই কাৰ্যসূচী অনুষ্ঠিত হ’ব । আধুনিকতাৰ মাজতো অসমৰ ল’ৰা-ছোৱালীয়ে নিজস্ব পৰম্পৰা, সংগীত হেৰুৱাই নেপেলাই তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । অসমৰ প্ৰতিখন গাঁৱতে খেলৰ বাবে দল গঠন কৰা হ’ব। এই দলে পঞ্চায়ত, সমষ্টি, জিলা আৰু শেষত ৰাজ্যিক ভিত্তিত প্রতিয়োগিতা অংশগ্ৰহণ কৰিব । খেল মহাসংগ্ৰাম আৰু সাংস্কৃতিক মহাৰণ এই নামেৰে দুটা অনুষ্ঠান আৰম্ভ কৰা হ’ব । অসমৰ ল’ৰা-ছোৱালী বিপথে পৰিচালিত হোৱাৰ পৰিৱৰ্তে আমাৰ বাপতি সাহোন কৃষ্টি আৰু সাংস্কৃতিক জীয়াই ৰখাৰ বাবে নিজকে জড়িত কৰিব পাৰে ।

যোৱা ১৩ আৰু ১৪ এপ্ৰিলত অসমীয়া বিহুক যিদৰে বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰা হ’ল সেই কথা অসমীয়া জাতিয়ে সদায়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব। শনিবাৰৰ এই অনুষ্ঠানত পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ দণ্ডৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, বিধায়কসকল ক্ৰমে প্ৰশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, চক্ৰধৰ গগৈ, তেৰচ গোৱালা, উপায়ুক্ত বিশ্বজিৎ পেণ্ড, পদ্মত্ৰী হেমপ্ৰভা চুতীয়া প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Woman lost teeth during pregnancy : গৰ্ভাৱস্থাত মহিলাই হেৰুৱালে সমস্ত দাঁত, কিন্তু কেনেকৈ ?