Local, Vocal, Global

Woman lost teeth during pregnancy : গৰ্ভাৱস্থাত মহিলাই হেৰুৱালে সমস্ত দাঁত, কিন্তু কেনেকৈ ?

ইণ্টাৰনেশ্যনেল ডেস্ক, ১ জুলাই : গৰ্ভাৱস্থাত ‘মৰ্নিং ছিকনেছ’ অৰ্থাৎ বমিৰ ভাৱ বা বমি হোৱাটো স্বাভাৱিক(Woman lost teeth during pregnancy) । কিন্তু, সেইবুলি দাঁতবোৰ সৰি পৰা ? গৰ্ভাৱস্থাৰ ১৬ সপ্তাহত এগৰাকী মহিলাৰ সৰিলে প্ৰথমটো দাঁত (Woman lost teeth during pregnancy)। পৰৱৰ্তী সময়ত এটা এটাকৈ আটাইকেইটা দাঁত সৰি দাঁতবিহীন অৰ্থাৎ সোলা হৈ পৰে মহিলা গৰাকী (Woman lost all her teeth during pregnancy)।

শুনিবলৈ আৰ্চয্যকৰ হলেও এইয়া সত্য । ব্ৰিটেইনৰ বাৰ্কশ্বাৰৰ বাসিন্দা লুইছ কুপাৰ নামৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত এনেকুৱাই ঘটিছিল । ২৬ বছৰীয়া ব্ৰিটিছ মহিলাগৰাকী বৰ্তমান এগৰাকী হেয়াৰ ড্ৰেছাৰ । অৱশ্যে ইয়াৰ পূৰ্বে ২০১৭ চনত ফ্ৰান্সৰ এখন স্কি ৰিজ’ৰ্টত কাম কৰিছিল তেও । সেই সময়তে প্ৰথমবাৰৰ বাবে মহিলাগৰাকী গৰ্ভৱতী হৈছিল ।

গৰ্ভৱতী হোৱাৰ এসপ্তাহৰ ভিতৰতে তেওঁ অসুস্থ হৈ পৰে । অসুস্থতাৰ বাবে তেওঁ ফ্ৰান্সৰ পৰা ব্ৰিটেইনলৈ উভতি আহিবলগীয়া হয় । চিকিৎসকে কোৱা অনুসৰি, তেওঁ ‘হাইপেৰেমেছিছ গ্ৰেভিডাৰাম’ অৰ্থাত এইচ জি ৰোগত আক্ৰান্ত ( Hyperemesis Gravidarum (HG))। ই ‘মৰ্নিং ছিকনেছ’ৰে এক বিৰল আৰু চৰম ৰূপ ।

গৰ্ভাৱস্থাৰ ১৬ সপ্তাহত তেওঁৰ প্ৰথম দাঁতটো সৰি পৰে । দৰাচলতে অত্যধিক বমিৰ বাবে তেওঁৰ দাঁতবোৰ দুৰ্বল হৈ যোৱাৰ লগতে ক্ষয় যাৱলৈ আৰম্ভ কৰিছিল । তিনিটা সন্তানৰ মাতৃগৰাকী এতিয়া দাতহীন মানে একেবাৰে সোলা । আৰু এতিয়া এই সোলা মুখৰ হাঁহিটোকে লৈ তেও জীৱনটো উপভোগ কৰি গৈছে ।

আমেৰিকান প্ৰেগনেন্সি এছ’চিয়েশ্যনৰ মতে এইচ জি ত আক্ৰান্ত ৰোগীৰ বাবে গৰ্ভাৱস্থাৰ সময়চোৱা এক কঠিন সময় । এই সময়চোৱাত অধিক বমিৰ ভাৱ অহাৰ লগতে বমিও হয় । লগতে শৰীৰৰ ওজনো কমি যায় । যাৰ বাবে শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱে দেখা দিয়ে । বিশেষজ্ঞসকলৰ মতে, বছৰি প্ৰায় ৬০ হাজাৰ আমেৰিকান মহিলাই এই সমস্যাৰ সন্মুখীন হয় ।

গৰ্ভাৱস্থাৰ ১৬ সপ্তাহত হঠাতে এটা দাঁত সৰি পৰাত তেওঁ অত্যন্ত ভয় খাইছিল । চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, বমিত থকা অত্যধিক এচিডৰ ফলত তেওঁৰ দাঁতবোৰ গুৰুতৰভাৱে ক্ষয় গৈছিল । অৱশেষত ২০১৭ চনৰ নৱেম্বৰত লুইছে প্ৰথমটি সন্তান জন্ম দিয়ে । তাৰ পিছতো সময়ৰ ব্যৱধানত তেও আৰু দুটা সন্তান জন্ম দিয়ে । মন কৰিব লগীয়া যে, প্ৰতিবাৰেই লুইছৰ হাইপাৰেমেছিছ গ্ৰেভিডাৰামৰ এই ৰোগ হৈছিল । প্ৰসৱৰ পিছত অৱশ্যে এই সমস্যা লাহে লাহে নাইকিয়া হৈ যায় । বৰ্তমান তিনিটা সন্তানৰ মাতৃ এইগৰাকী মহিলাৰ এতিয়া মুখত এটাও দাঁত বাকী নাই ।

উল্লেখ্য যে, লুইছে প্ৰথমতে মানসিকভাৱে ভাঙি পৰিছিল । তেওঁ নিজৰ ৰোগৰ এই লক্ষণসমূহক কেমোথেৰাপিৰ পাৰ্শ্বক্ৰিয়াৰ সৈতে তুলনা কৰিছিল । এই ৰোগে তেওঁক মানসিক আৰু শাৰীৰিকভাৱে চেপি ধৰিছিল । দাঁত হেৰুওৱাৰ উপৰিও খাদ্যৰ প্ৰতিও ভয় হৈছিল । প্ৰসৱৰ পিছতো বমি হৈ থকাৰ বাবে খাদ্য খাব পৰা নাছিল লুইছে ।

অৱশ্যে এতিয়া লুইছে দাঁতবিহীন জীৱনটো উপভোগ কৰিবলৈ আৰম্ভ কৰিছে । লুইছে কামনা কৰিছে যে কোনো শত্ৰুৰো যাতে এনে অৱস্থা নহওক । অৱশ্যে বিশেষজ্ঞ চিকিৎসকে জনোৱা অনুসৰি যিকোনো গৰ্ভৱতী মহিলাৰে এনে অৱস্থা হ’ব পাৰে ।

লগতে পঢ়ক : Parents against love marriage : জীয়েকৰ প্ৰেম বিবাহত অসন্তুষ্ট পৰিয়াল, জোঁৱায়েকক দিলে বিবাহ বিচ্ছেদৰ ধমক