Local, Vocal, Global

woman raped and murdered in sonapur : যুৱতীক ধৰ্ষণ কৰি হত্যা ,মৃতদেহ পেলাই দিছিল ডিগাৰু নৈত

সোণাপুৰ, ২ জুলাই : বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড(woman raped and murdered in sonapur)। আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে। এনেবোৰ ঘটনাৰ মাজতে সোণাপুৰত সংঘটিত হৈছে জঘন্য ঘটনা(woman raped and murdered in sonapur)

সোণাপুৰত পোহৰলৈ আহিছে কিশোৰী ধৰ্ষণ আৰু হত্যাৰ ঘটনা(woman raped and murdered in sonapur)। এগৰাকী ১৬ বছৰীয়া কিশোৰীক প্ৰথমে ধৰ্ষণ তাৰ পিছত হত্যা কৰি ডিগাৰু নৈত পেলাই দিছিল বাবুল টুমুং নামৰ পাষণ্ডইটোৱে। উল্লেখ্য যে

উল্লেখ্য যে, ২৮ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী । তাৰ পিছত ৩০ জুন অৰ্থাৎ শুকুৰবাৰে সোণাপুৰ ডিগাৰু নৈত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ আৰু তাৰ পিছতেই পোহৰলৈ আহিল এই ভয়ংকৰ ঘটনাৰ সমগ্ৰ তথ্য । ঘটনাৰ পিছতে আৰক্ষীৰ তদন্তৰ অন্তত জঘন্য কাণ্ড সংঘটিত কৰা ধৰ্ষণকাৰী বাবুল টুমুংক আৰক্ষীয়ে আটক কৰে।

উল্লেখ্য যে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই কিশোৰীগৰাকীৰ পিতৃয়ে শুকুৰবাৰে সোণাপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত তৎপৰ হৈ পৰে সোণাপুৰ আৰক্ষী । এই অভিযোগৰ ভিত্তিত উক্ত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সোণাপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল আৰু অৱশেষত কিশোৰী গৰাকীৰ মৃত্যুৰ মূল কাৰণ পোহৰলৈ আহে।

সোণাপুৰ‌ ৰাজহ চক্ৰৰ অন্তৰ্গত ধেমাইৰ বাবুল টুমুং নামৰ ৩৫ বছৰীয়া লম্পটোৱে প্ৰথমে কিশোৰী গৰাকীক ধৰ্ষণ কৰে তাৰ পিছত হত্যা কৰি ডিগাৰু নৈত পেলায় দিয়াৰ কথা স্বীকাৰ কৰে । বৰ্তমান এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Fire break out in Jonai Market : জোনাইত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিকাণ্ডত প্ৰায় দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত