Local, Vocal, Global

মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

বিজেপি চৰকাৰৰ শাসন কালত পেট্ৰ’ল-ডিজেলকে ধৰি বিভিন্ন অত্যাৱশকীয় সামগ্ৰীৰ অভাৱনীয় হাৰত হোৱা মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ আছুৰ।

বিজেপি চৰকাৰৰ শাসনকালত পেট্ৰ’ল-ডিজেলকে ধৰি বিভিন্ন অত্যাৱশকীয় সামগ্ৰীৰ অভাৱনীয় হাৰত হোৱা মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গহপুৰ নগৰৰ মাজমজিয়াত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্য্যসূচী। উক্ত কাৰ্য্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।

গোলাঘাটত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত শুক্ৰবাৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহেৰে  প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ নৰেন্দ্ৰ মোদী গ’ বেক, সৰ্বানন্দ সোণোৱালৰ লাজ নাই, বিজেপি চৰকাৰ হায় হায়, আদি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদথলী৷ প্ৰতিবাদথলীৰ  পৰাই চৰকাৰক সকীয়নি প্ৰদান কৰি অতিশীঘ্ৰে চৰকাৰক মূল্যবৃদ্ধি ৰোধৰ দাবী ছাত্র সন্থাৰ। অন্যথা ভৱিষ্যতে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত আছুৰ অভিনৱ প্ৰতিবাদ। বাইক ঠেলি, ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।মালপানী চাৰিআলিত যোগানমন্ত্ৰী ফণীভূষন চৌধুৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰিলে। জনসাধাৰণৰ মূৰত মাধমাৰ শোধাই পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতা আছুৰ।

মৰিগাঁৱতো আছুৰ প্ৰতিবাদ। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি আৰু  খাদ্য-বস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁও চহৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে।

সামাজিক দূৰত্ব বজাই ৰাখি সোণাৰিত আছুৰ উত্তাল প্ৰতিবাদ। চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই উত্তাল কৰিলে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়। পেট্ৰল, ডিজেল আৰু খাদ্য বস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ। মূল্যবৃদ্ধি হ্ৰাস কৰক, যোগান বিভাগ হায় হায়, যোগান বিভাগৰ মন্ত্ৰী ফণীভুষণ চৌধুৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় উত্তাল কৰিলে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই।

জনতাৰ মূৰত ৰামটাঙোণ শোধাই এতিয়া ৰাজ্যত দৈনিক বৃদ্ধি হৈছে ইটোৰ পিছত সিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৷ শনিবাৰে তিনিচুকীয়াৰ বৰগুৰিস্থিত কৰ্ড তিনিআলিত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী তোলে ৷

ইফালে, ওদালগুৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে  প্ৰতিবাদ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ৷ ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী  গ্ৰহণ কৰা হয়৷ যোগানমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে  আছুৱে।