Local, Vocal, Global

বিটিচিৰ অস্থিৰ পৰিৱেশৰ আঁৰত চৰকাৰৰ হাত : প্ৰবীণ বড়ো

আন্তৰিকতাবিহীন সম্পৰ্কৰে মিত্ৰতা অব্যাহত।

বাক্সা জিলাৰ শালবাৰীৰ সৰুগাতিৰ বিপিএফৰ কৰ্মী প্ৰাণজিৎ দাসক অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলিওৱা ঘটনাৰ আঁৰত চৰকাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিপিএফ দলে । শুকুৰবাৰে হোটেল গৌৰাঙত আয়োজিত হোৱা এক সংবাদমেলত বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োই বিপিএফৰ কৰ্মীক গুলিওৱাৰ ঘটনাটো সম্পূৰ্ণৰূপে ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ইয়াত চৰকাৰ জড়িত থকাৰ লগতে লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ভূমিকাও সন্দেহজনক বুলি মন্তব্য কৰে। বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োই বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে বিপিএফক উৎখাত কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে আৰু গোঁসাইগাঁৱৰ বিপিএফ কৰ্মী আজিজুৰ ৰহমানক অপহৰণ আৰু হত্যা, শালবাৰীৰ প্ৰাণজিৎ দাসক হত্যাৰ প্ৰচেষ্টা আদি ঘটনাবোৰ তাৰেই আগজাননী বুলি মন্তব্য কৰে। ইউপিপিএল, সাংসদ, চৰকাৰ সকলোৱেই সমিল মিলেৰে কাম কৰি আছে আৰু অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰি বিপিএফত ভাঙোণ আৰু ষড়যন্ত্ৰ ৰচিছে যদিও বিপিএফ দল যিকোনো শক্তিধৰৰ স’তে ফেৰ মাৰিবলৈ সক্ষম বুলি মন্তব্য কৰিছে প্ৰবীণ বড়োৱে। ৰাজ্যপাল শাসনৰ আলম লৈ তেওঁলোকে এইবিলাক কৰিছে বুলি বিস্ফোৰক অভিযোগেৰে চৰকাৰেই য’ত ষড়যন্ত্ৰ ৰচনা কৰে তেতিয়া যিকোনো পৰিৱেশত যিকোনো ঘটনা ঘটিব পাৰে বুলিও মন্তব্য কৰে প্ৰবীণ বড়োই।
আনহাতে বিপিএফ -বিজেপিৰ মিত্ৰতা এতিয়া এক আন্তৰিকতাহীন সম্পৰ্ক বুলি মন্তব্য কৰি বিজেপিক মিছলীয়া বুলি আখ্যা দিয়ে। বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰতো চৰকাৰে সেউজ সংকেত দিছিল যদিও বিজেপি দলে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হোৱাটো বিচাৰিছিল বুলি উল্লেখ কৰি বিজেপিয়ে মিত্ৰতাৰ বুজাবুজিৰ ধৰ্ম পালন কৰা নাই যদিও বিপিএফ দল তেওঁলোকৰ দৰে প্ৰতাৰক নহয় বুলি মন্তব্য কৰিছে প্ৰবীণ বড়োই । বিজেপিয়ে ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ স’তে সম্পৰ্ক ৰক্ষা কৰাৰ পিছতো বিপিএফে ৰাজনৈতিক সততা বৰ্তাই ৰাখিছে বুলি মন্তব্য কৰি বিটিচি নিৰ্বাচনৰ পিছতে বিপিএফে মিত্ৰতা সন্দৰ্ভত চিন্তা-চৰ্চা কৰিব বুলিও সংবাদমেলত সদৰী কৰে প্ৰবীণ বড়োই । বিটিচিত পুনৰাই বিপিএফ দলেই চৰকাৰ গঠন কৰিব বুলিও দাবী কৰিছে প্ৰবীণ বড়োৱে।