Local, Vocal, Global

Asom Gana Parishad Holds Executive Committee Meeting in Guwahati : গুৱাহাটীৰ আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : অসম গণ পৰিষদে ১৪ অক্টোবৰত উদযাপন কৰিব ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস । ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ ।

উল্লেখ্য য়ে, মঙলবাৰে গুৱাহাটীৰ আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ এই সভাত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আগন্তুক প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়ে সভাত আলোচনা কৰে ৷ লগতে দলে আয়োজন কৰিবলগীয়া বিধানসভা সমষ্টি ভিত্তিত কৰ্মশালা, ব্যাপক সদস্যভৰ্তি-সদস্য নৱীকৰণ অভিযান, আঞ্চলিক দলৰ সন্মিলন, আগন্তুক অসম বিধানসভাৰ উপ-নিৰ্বাচন, পঞ্চায়ত, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনকে ধৰি অন্যান্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু দলীয় সাংগঠনিক দিশৰ বিভিন্ন বিষয়তো আলোচনা কৰে(Asom Gana Parishad Holds Executive Committee Meeting in Guwahati)৷

সভাত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, কেন্দ্ৰীয় সমিতিৰ সদস্য-সদস্যা, জিলা সভাপতিসকল, ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি তথা অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক :Jamugurihat News : বগা হাঁতীত পৰিণত জামুগুৰিহাটত জলসিঞ্চন আঁচনি