Local, Vocal, Global

Ashok Chavan Joins BJP Day After Quitting Congress : বিজেপিত যোগদান মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা অশোক চৱনেৰ

নেশ্যনেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী : গেৰুৱা বসন পিন্ধিলে অশোক চৱনে। আজি বিজেপিত যোগদান কৰিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা অশোক চৱনে ।ৰাজ্যসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ সময়তে আজি বিজেপি দলত যোগদান কৰিলে অশোক চৱনে ।

জানিব পৰা মতে, বিজেপিয়ে ৰাজ্যসভালৈ পঠিয়াব পৰা তিনিখন আসনৰ ভিতৰত এখন আসন অশোক চৱনে পাব বুলি চৰ্চা চলি আছে ৷বিজেপিয়েও ৰাজ্যসভাত তেওঁক সুযোগ দিয়াৰ সম্ভাৱনা আছে(Ashok Chavan Joins BJP Day After Quitting Congress) ।

উল্লেখ্য যে, সোমবাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদ আৰু বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছিল । তাৰ পিছতে চৰ্চা চলিছিল যদিও তেওঁ ভাষণ প্ৰসংগত কয় যে বৰ্তমান তেওঁ কোনো দলত যোগদান কৰাৰ সিদ্ধান্ত লোৱা নাই ৷ আগন্তুক দুদিনৰ ভিতৰত সঠিককৈ তেওঁৰ নিজৰ স্থিতি স্পষ্ট কৰিব (Former Maharashtra Chief Minister Ashok Chavan Quits Congress, Joins BJP)।

কিন্তু আজি এই চৰ্চাৰ অৱসান ঘটনাই অশোক চৱনে বিজেপিত য়োগদান কৰে ৷

লগতে পঢ়ক : Kaji Nemu declared as state fruit of Assam : বিধানসভাত কাজিনেমুক লৈ বৃহৎ ঘোষণা