Local, Vocal, Global

গাৰ পৰা মাহৰ গোন্ধ নৌযাঁওতেই স্বামীৰ ঘৰৰ পৰাই পৰকীয়া প্ৰেমিকৰ বাইকত উঠি পলাল বোৱাৰী…

ডিজিটেল ডেস্কঃ-যোৰহাট জিলাত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ গাৰ পৰা মাহ হালধিৰ গোন্ধ নৌযাঁওতেই বেষ্ট ফ্ৰেণ্ডৰ সৈতে পলাই গ’ল ন বোৱাৰী ।

তিতাবৰত পৰকীয়া প্ৰেমে ভাঙি থানবান কৰিলে এখন ঘৰ।ঘটনা অনুসৰি বিগত প্ৰায় এমাহ পূৰ্বে ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিৰ এগৰাকী যুৱতীক সামাজিক নীতি-নিয়মেৰে জীৱন সংগী কৰিছিল তিতাবৰ মেলামাটিৰ ৰাজাই।

প্ৰথম কেইদিনমান সকলো ঠিকেই চলি আছিল । কিন্তু ৰাণীৰ মন নিমিলল ৰাজাৰ লগত।মাত্ৰ ৩৩ দিন স্বামীৰ ঘৰত থাকি প্ৰেমিকলৈ পলাই গ’ল ন বোৱাৰী৷

স্বামীৰ ঘৰৰ পৰাই পৰকীয়া প্ৰেমিকৰ BMW বাইকত উঠি পলাল বোৱাৰী ৷দিন বাগৰি যোৱাৰ লগে লগে ৰাজাক এৰি নিতাফৰ লগত সংসাৰ মন মেলিলে ন বোৱাৰীগৰাকীয়ে ৷অৱশেষত পৰকিয়া প্ৰেমীক লক্ষীমপুৰৰ নিতাফ হুছেইনে তিতাবৰৰ স্বামী গৃহৰ পদূলিৰ পৰাই চিনেমাৰ ষ্টাইলত এখন বি এম ডব্লিউ মটৰচাইকেলত উঠাই লৈ গ’ল ৰাজাৰ ৰাণীৰূপী ৰেহনাজক ৷অৱশেষত ৰাজাৰ পৰিয়ালে কাষ চাপিল তিতাবৰ আৰক্ষীৰ ৷
আৰক্ষীয়ে লগে লগে ৰাজাৰ এজাহাৰৰ ভিত্তিত ন বোৱাৰীক বিচাৰি অভিযান চলাই ৷পৰকিয়া প্ৰেমিক প্ৰেমিকা BMW বাইকত উঠি গৈ থাকোতেই মৰিয়নিত আৰক্ষীয়ে আতক কৰে দুয়োকে ।দুয়োকে আতক কৰি সোধা পোছা কৰে তিতাবৰ আৰক্ষীয়ে।
ইফালে ন বোৱাৰীগৰাকীৰ স্বামীৰ প্ৰশ্নত নিতাফে কয় যে তেওঁৰ জুৰুণ হোৱা বুলিহে গম পাইছিল কিন্তু তেওঁ বিবাহিত বুলি নিতাফে গম পোৱা নাছিল ৷ এই ঘটনাৰ পাছতে ৰাজাই আৰক্ষীৰ আগত পত্নীক চিৰদিনৰ বাবে ত্যাগ কৰা বুলি এখন চুক্তিত স্বাক্ষৰ কৰে ৷ৰানীৰ ভৱিষ্যৎ এতিয়া এক ফুল দৌ মালি ৷ইফালে ৰাজাৰ মনত সোমাইছে ভয়,তেখেতৰ মতে ‘মন গলেই লৰাবোৰক USE কৰে, আজি-কালি ফ্ৰীজত কাটি ভৰাই দিয়ে।

সম্প্ৰতি ৰাজ্যত এনেধৰণৰ ঘটনা বৃদ্ধি ৰোধৰ বাবে চৰকাৰে এক কঠোৰ আইন প্ৰণয়ন কৰিব লাগে বুলি দাবী উত্থাপন কৰিলে পূৰ্বৰ স্বামী ৰাজাই ৷