কলিয়াবৰৰ জখলাবন্ধাত পথ দুৰ্ঘটনা; যাত্ৰীবাহী নৈশ বাছত খুন্দা ট্ৰাকৰ…

ডিজিটেল ডেস্কঃ-শনিবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধাত পথ দুৰ্ঘটনা।বিপৰীত মুখী ট্ৰাকৰ সৈতে বাছৰ মুখামুখী সংঘৰ্ষ। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত পৰিল বাছখন।প্ৰায় ১০ ফুট দ পথাৰত সোমায় যায় বাছখন। থিতাতে নিহত বাছখনৰ এজন যাত্ৰী। আহত হয় আন ৬জন।নিহত লোকজন দেৰগাঁৱৰ ভকতগাঁৱৰ জিণ্টু বৰা বুলি চিনাক্ত কৰা হৈছে।জিণ্টু বৰা ভায়েকক GMCHত চিকিৎসা কৰি ঘৰলৈ ওভতি আহি আছিল।কথমপি প্ৰাণ ৰক্ষা পৰিল বাছ খনত থকা আন যাত্ৰী সকল।আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।