Local, Vocal, Global

Arvind Kejriwal to resign today: আজি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে

নেশ্যনেল ডেস্ক,১৭ছেপ্তেম্বৰ : আজি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে৷ ৰাজ্যপালৰ হাতত অৰ্পণ কৰিব পদত্যাগ পত্ৰ৷ ইয়াৰ পাছতেই ঘোষণা হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী(Arvind Kejriwal resignation)৷

উল্লেখ্য যে,১৫ছেপ্তেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহৎ ঘোষণা কৰিছিল। অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছিল যে, দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব কেজৰিৱালে। মঙলবাৰে পদত্যাগ পত্ৰ দাখিল কৰিব আপৰ মুৰব্বীগৰাকীয়ে।

কেজৰিৱালে কৈছিল যে, পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অহা দুদিনৰ ভিতৰত লোৱা হ’ব। তেওঁ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লীৰ বিধানসভা নিৰ্বাচন নৱেম্বৰত অনুষ্ঠিত কৰিবলৈও দাবী জনায়(Arvind Kejriwal to resign today)।

লগতে সংবাদমেলত অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছিল যে ,নিৰ্বাচনলৈকে দ্বিতীয় এজন ব্যক্তিয়ে চম্ভালিব মুখ্যমন্ত্ৰীৰ দায়িত্ব। মনীষ ছিচ’দিয়ায়ো নলয় মুখ্যমন্ত্ৰীৰ দায়িত্ব। শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা অথবা অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা।

লগতে পঢ়ক :Vishwakarma Puja 2024 : আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা