হাইলাকান্দিৰ IOCLৰ গ্ৰামীন বিতাৰক এজেন্সিৰ পৰা প্ৰায় ৩৭০টা চিলিণ্ডাৰ চুৰি !

ডিজিটেল ডেস্ক:- হাইলাকান্দি জিলাৰ গেছ সংস্থাৰ পৰা ৩০০ তকৈও অধিক চিলিণ্ডাৰ চুৰি।ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ পাছৰ পৰা ৰাজ্যত চিলিণ্ডাৰ চুৰিৰ সংখ্যা বৃদ্ধি পাইছে।প্ৰায় প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চিলিণ্ডাৰ চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহে।এইবাৰ চৰকাৰী গেছ এজেন্সিৰ পৰা চুৰি হ’ল চিলিণ্ডাৰ।চোৰে চুৰি কৰিলে প্ৰায় তিনি শতাধিক চিলিণ্ডাৰ।
জানিব পৰা মতে, দেওবাৰে নিশা সংঘটিত ডকাইতিৰ ফলত ৩৭০টাকৈ গেছ চিলিণ্ডাৰ চুৰি হৈছে।দেওবাৰে নিশা হাইলাকান্দি জিলাৰ পাচগ্ৰাম এলেকাত সংঘটিত হয় এই ঘটনা। নিশা এন্ধাৰৰ সুযোগ লৈ চোৰৰ এটা দলে পাচগ্ৰামত থকা IOCLৰ গ্ৰামীন বিতাৰক এজেন্সিৰ পৰা প্ৰায় ৩৭০টা চিলিণ্ডাৰ চুৰ কৰে।
উল্লেখ্য যে, চুৰি কৰাৰ আগতে চোৰৰ দলটোৱে চিচি কেমেৰা ভাঙি পেলাইছিল যাৰ ফলত চুৰিৰ দৃশ্য ৰেকৰ্ড নহ’ল যদিও চোৰৰ দলটোৱে এজেন্সিৰ ভিতৰত প্ৰৱেশ কৰাৰ সকলো দৃশ্য চিচি কেমেৰাত ৰেকৰ্ড হৈছে।
ইপিনে, পাচগ্ৰাম আৰক্ষী চকৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত থকা এটা ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ দলে চলোৱা এনে তাণ্ডবক কেন্দ্ৰ কৰি পাচগ্ৰাম এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে।