Local, Vocal, Global

গো-ধন চোৰ কৰিবলৈ আহি দুৰ্ঘটনাত পতিত হ’ল বিলাসী বাহন…

ডিজিটেল ডেস্ক:- নগাঁৱৰ তেলিয়া পহুকটাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গো-ধন চোৰ কৰিবলৈ আহি দুৰ্ঘটনাত পতিত হ’ল এখন বিলাসী বাহন ৷

জানিব পৰা মতে বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰে। ফলত গাড়ীখনৰ পিছৰ ছিটত বহি থকা দুজনলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে বাহন খনৰ চালক সহ দুজন লোকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পিছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ পৰা অচেতন অৱস্থাত দুজন লোকক উদ্ধাৰ কৰে।

আৰক্ষীয়ে গাড়ীখনৰ পৰা গো-ধন চোৰ কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন সা-সজুলিৰ লগতে নিচাযুক্ত টেবলেটো উদ্ধাৰ কৰে । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS 01 FK 7643।