Local, Vocal, Global

চেঙাৰ পূৱ মহচৰাত ভূ মাফিয়াৰ সন্ত্ৰাস

ডিজিটেল ডেস্ক :- চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰক্ষ্মপুত্ৰৰ সূতি নদীত দীৰ্ঘদিনৰে পৰা অঞ্চলটোৰ এটা ভূ মাফিয়া চক্ৰই চলাই গৈছে বালি খননকাৰ্য। আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি অবৈধভাৱে দিনে নিশাই নদী খনন কৰাৰ ফলতেই প্ৰতিবছৰে অঞ্চলটোত সৃষ্টি হয় ব্যাপক গৰাখহনীয়াৰ। যাৰবাবেই অঞ্চলটোৰ একাংশ সচেতন যুৱকে নৈৰ মাটি খনন কৰা কাৰ্যৰ বিৰুদ্ধে অভিযোগ দিয়ে চেঙা ৰাজহ চক্ৰ বিষয়াক। চক্ৰ বিষয়াক দিয়া অভিযোগ মতে ৰবিবাৰে কাছুমাৰা আৰক্ষীয়ে অবৈধভাৱে নদীৰ মাটি খনন কৰি থকা অৱস্থাত এখন টেক্টৰ জব্দ কৰে।

তাৰ পাছতে গাওঁখনত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। একাংশ ভূ মাফিয়াই অভিযোগ কাৰী আবু কায়ুম আহমেদ আৰু জানিক আলীক ঘৰৰ পৰা বলপূৰ্বক টানি চুঁচৰি আনি গাঁওখনৰ আক্ৰাম আলীৰ ঘৰলৈ নিয়ে।আৰু তাতে দুয়োকে প্ৰহাৰ কৰাৰ লগতে এইদৰে গৰু বন্ধা পঘাৰে বান্ধি থৈ দিয়ে।অৱশেষত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় দুয়োকে।

এই সমগ্ৰ ঘটনাটো ভূ মাফিয়া জনৈক আবু কালাম, স্বাহ জামাল হক আৰু আজমল হকৰ নেতৃত্বত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে দুই অভিযোগকাৰীয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৃথকে পৃথকে কাছুমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে দুই অভিযোগ কাৰী আবু কায়ুম আহমেদ আৰু জানিক আলীয়ে।শীঘ্ৰে ঘটনাত জড়িত সকলক গ্ৰেপ্তাৰ কৰাৰ লগতে নদীৰ অবৈধ ভূমি খননকাৰ্য বন্ধৰ দাবী জনাইছে স্থানীয় ৰাইজে ।