হত্যাৰ গোচৰত গ্ৰেপ্তাৰ সেনা বিষয়া !

ডিজিটেল ডেস্ক:-হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ সেনা বিষয়া। সেনাৰ তেজপুৰস্থিত চতুৰ্থ ক’ৰৰ বিষয়া লেফটেনেণ্ট কৰ্নেল অমৰেন্দৰ সিং ৱালিয়াক গ্ৰেপ্তাৰ। জনসম্পৰ্কৰক্ষী বিষয়া আছিল অমৰেন্দৰ সিং ৱালিয়া। চাংসাৰি আৰক্ষীৰ সহযোগত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক।ফ’ৰ ক’ৰৰ PRO কৰ্ণেল অমৰেন্দৰ সিং ৱালিয়া।হাৰিয়ানাৰ এগৰাকীৰ মহিলাৰ হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰে সেনা বিষয়া জনক।কিছুদিন পূৰ্বে চাংসাৰীত উদ্ধাৰ হৈছিল মহিলাৰ মৃতদেহ।শেহতীয়াকৈ পোহৰলৈ আহিছে কিছুমান তথ্য়।আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে।