Local, Vocal, Global

মৰিগাঁৱত আৰক্ষীৰ জালত তিনিজনকৈ চাইবাৰ অপৰাধী…

ডিজিটেল ডেস্ক:-চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সক্ৰিয় মৰিগাঁও আৰক্ষী।শুকুৰবাৰে নিশা মৈৰাবাৰীৰ সগুণবাঁহী গাঁৱত মৰিগাঁও জিলা চোৰাংচোৱাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ।মৈৰাবাৰীৰ সগুণবাঁহী গাঁৱত চোৰাংচোৱাৰ অভিযানত আটক তিনিজনকৈ চাইবাৰ অপৰাধী।ধৃত চাইবাৰ অপৰাধী তিনিজন ক্ৰমে ইছাহাক আলী, ৰাববুল ইছলাম আৰু গিয়াছ উদ্দিন।আটক হোৱা তিনিও জনৰ ঘৰ মৈৰাবাৰীৰ সগুনবাঁহী গাঁৱত।
নিশা মৰিগাঁও জিলা চোৰাংচোৱাৰ এটা অভিযানকাৰী দলে ইছাহাক আলি আৰু ৰাববুল ইছলামৰ ঘৰত পৃথকে পৃথকে তালাচী চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ চাইবাৰ অপৰাধত ব্যৱহৃত অবৈধ সামগ্ৰী।
অভিযানকাৰী দলে ইছাহাক আলীৰ ঘৰৰ পৰা ১৭২০খন ছীম কাৰ্ড, এখন AS-02A-H5609 নম্বৰৰ পালছাৰ বাইক আৰু ১১টা মোবাইল ফোন জব্দ কৰে।
আনহাতে, ৰাববুল ইছলাম আৰু গিয়াছ উদ্দিনৰ ঘৰত তালাচী চলাই যদিও আৰক্ষী অহাৰ উমান পাই অবৈধ সামগ্ৰীসমূহ লুকুৱাই থৈ বুলি সন্ধেহ প্ৰকাশ কৰে।
আটক হোৱা তিনিওজনক মৈৰাবাৰী আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে।এক গোপন সূত্ৰৰ ভিত্তিত মৰিগাঁও জিলা চোৰাংচোৱাই মৈৰাবাৰী আৰক্ষীৰ সহযোগত দুয়োজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বুজন পৰিমাণৰ অবৈধ সামগ্ৰী।