Local, Vocal, Global

Chhattisgarh Road Accident: পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ১০ লোক নিহত

নেশ্যনেল ডেস্ক, ৪ মে’: ছত্তীশগড়ত শোকাৱহ দুৰ্ঘটনা (Chhattisgarh Road Accident) । বিবাহ অনুষ্ঠানৰ পৰা উভতাৰ পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো । বুধবাৰে নিশা ছত্তীশগড়ৰ বালোদ জিলাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এখন বলেৰো বাহন আৰু ট্ৰাকৰ মাজত হয় মুখামুখি সংঘৰ্ষ । সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে, দুৰ্ঘটনাটোৰ ফলত ১০ জন লোক থিতাতে নিহত হয় (People killed in accident) । প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা ছত্তীশগড়ৰৰ এটি বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰা উভতি অহাৰ পথত বলেৰো যাত্ৰীভৰ্তি বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথেৰে লোৰ ৰড কঢ়িয়াই অনা এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটো ইয়ানেই ভয়াৱহ আছিল যে, মুহূৰ্ততে থানবান হৈ পৰে বলেৰো বাহনখন।

এই ভয়াৱহ দুৰ্ঘটনাটো কাঙ্কেৰ জিলাৰ ধামতাৰী জিলাৰ অন্তৰ্গত বালোদাধন গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় । বলেৰো বাহনখনত থকা আটাইয়ে এটি বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতনিৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো । আৰক্ষী সূত্ৰে জানিব পৰা মতে, দুৰ্ঘটনাত পতিত বলেৰো বাহনখনত ১ টি শিশু আৰু ৫ গৰাকী মহিলাকে ধৰি ১০ গৰাকী লোক আছিল ।

জিলাখনৰ আৰক্ষী অধীক্ষক জীতেন্দ্ৰ যাদৱে উল্লেখ কৰা অনুসৰি, দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । সমগ্ৰ ঘটনাটোক লৈ ইতিমধ্যেই তদন্ত আৰম্ভ কৰা হৈছে(Incident is being investigated) ।

লগতে আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি,দুৰ্ঘটনাটোত এজন পুৰুষ যাত্ৰীৰ মূৰৰ অংশটো শৰীৰৰ পৰা বিচিন্ন হৈ পৰে । এই শোকাৱহ দুৰ্ঘটনাটোত নিহতসকলৰ ভিতৰত আছে, ৩৪ বছৰীয়া কেশৱ চাহু আৰু তেওঁৰ ৩৩ বছৰীয়া পত্নী টমিন চাহু , ২০ বছৰীয়া ৰামা চাহুক আৰু তেওঁৰ ভায়েক ২২ বছৰীয়া শৈলেন্দ্ৰ চাহু, ৪৫ বছৰীয়া লক্ষ্মী অৰ্জুন চাহু, ৫৫ বছৰীয়া ধৰ্মৰাজ চাহু আৰু তেওঁৰ পত্নী ৫২ বছৰীয়া ঊষা চাহু, ২৪ বছৰীয়া সন্ধ্যা ৰাহুল চাহু আৰু তেওঁৰ ৩ বছৰীয়া কণমানি পুত্ৰ যোগাংশ চাহু, ইশান্ত চাহু আৰু দমেশ ধ্ৰুৱ ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে (Truck driver fled the spot) । ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে তদন্ত আৰম্ভ কৰিছে । বুধবাৰে নিশা সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাত নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক প্ৰকাশ কৰিলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে।

লগতে পঢ়ক : Army helicopter crashes in JK: জম্মু-কাশ্মীৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত,তিনিজন আহত