Local, Vocal, Global

IPS বিষয়া Tapan Kumar Dekaক IBৰ নতুন সঞ্চালক হিচাপে নিযুক্তি

নিউজ ডেস্ক, ২৪ জুন : শুক্ৰবাৰে কেবিনেটৰ নিযুক্তি সমিতিয়ে IPS বিষয়া তপন কুমাৰ ডেকাক ইণ্টেলিজেঞ্চ ব্যুৰো (IB)ৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিছে।

বৰ্তমানৰ IBৰ সঞ্চালক অৰবিন্দ কুমাৰৰ কাৰ্যকাল ৩০ জুনত সমাপ্ত হ’ব সেয়েহে ডেকাৰ দ্বাৰা সেই পদ পূৰণ কৰা হয়। তপন কুমাৰ ডেকাক পদটোৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰা পৰৱৰ্তী জাননী নোপোৱালৈকে বা দুবছৰীয়া কাৰ্যকালৰ বাবে নিয়োগ কৰা হৈছে ।

তপন ডেকাই যোৱা ২০ বছৰ ধৰি সন্ত্ৰাসবাদী আৰু ধৰ্মীয় উগ্ৰবাদৰ ইণ্টেলিজেঞ্চ ব্যুৰোৰ অভিযান শাখাৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰি আহিছে।

উত্তৰ-পূবৰ বিষয়ত বিশেষজ্ঞ ১৯৮৮ চনৰ হিমাচল প্ৰদেশ কেডাৰ শ্ৰেণীৰ এজন বিষয়া ডেকাক গৃহমন্ত্ৰী অমিত শ্বাহে ২০১৯ চনৰ CAA বিৰোধী প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত অসমলৈ নিযুক্তি দিছিল।

ডেকাই ইণ্ডিয়ান মুজাহিদীন গোটক ৰোধ কৰিছিল আৰু ২৬/১১ ৰ আক্ৰমণৰ তদন্তৰ নেতৃত্ব দিছিল।

চোৰাংচোৱা সংস্থাটোক অধিক প্ৰভাৱ দিয়াৰ উদ্দেশ্যৰে, চৰকাৰে নিযুক্তিৰ জৰিয়তে ইণ্টেলিজেঞ্চ ব্যুৰোক নেতৃত্ব দিবলৈ চাৰিজন জ্যেষ্ঠ বিষয়াৰ ভিতৰত তপন ডেকাক বাছনি কৰিছে।

ডেকা এজন প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) নেতা আছিল আৰু তেওঁ প্ৰথম প্ৰচেষ্টাত IPSৰ বাবে নিৰ্বাচিত হৈছিল।

আনহাতে, মন্ত্ৰালয়ে এক পৃথক জাননীত ঘোষণা কৰে গৱেষণা আৰু বিশ্লেষণ শাখাৰ (R&AW) দায়িত্বত থকাSamant Goeৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হৈছে, ।