Local, Vocal, Global

মৰিগাঁও আৰক্ষীৰ জব্দকৃত নিচাজাতীয় সামগ্ৰী দহন কাৰ্যসূচী

নিউজ ডেস্ক, ২৪ জুন : বৰ্তমান সময়ত ৰাজ্যত অব্যাহত থকা ড্ৰাগছ বিৰুদ্ধী অভিযানত প্ৰত্যেক দিনাই বিভিন্ন ঠাইৰ পৰা ড্ৰাগছ জব্দ কৰাৰ বাতৰি পোহৰলৈ আহে।

শুক্ৰবাৰে মৰিগাওঁ আৰক্ষীয়ে আগন্তুক ২৬ জুনত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে মৰিগাঁও জিলাত ভিন্ন অভিযানত জব্দ কৰা  সকলো নিচাজাতীয় সামগ্ৰী দহন কৰে মৰিগাঁও আৰক্ষীয়ে ।

জব্দকৃত হেৰইন, গাঞ্জা আৰু নিচাযুক্ত কফ চিৰাপ, টেবলেট আদি মৰিগাঁও হেকনামাৰা ৰ এটা ইটাভাটাত দাহ কৰে মৰিগাঁও আৰক্ষীয়ে।

প্ৰায় ৩৩ কোটি টকাৰো অধিক ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰী দাহন কৰা উক্ত অনুষ্ঠানত উপস্থিত আছিল মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, অতিৰিক্ত উপায়ুক্ত আদিত্য গগৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীভলাল বৰুৱাৰ লগতে মৰিগাঁও আৰক্ষীৰ বহু শীৰ্ষ আৰক্ষী।