Local, Vocal, Global

Electricity Price Hike : পুনৰ বৃদ্ধি বিদ্যুৎ মাচুল

গুৱাহাটী, ২ জুন’: পুনৰ জনতাৰ মূৰত মাধমাৰ।এইবাৰ শক্তি বিভাগে মাধমাৰ সোধালে জনতাৰ মূৰত। পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল(hike in electricity charges)। ৰাজ্যবাসীক মূল্য়বৃদ্ধিয়ে জুৰুলা কৰাৰ সময়তে সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি হোৱাকলৈ ৰাইজ এতিয়াই হতাগ্ৰস্ত হৈছে।

ৰাজ্যত গৰমে যিমানেই প্ৰভাৱ পেলাইছে সিমানেই লুকাভাকু খেলিছে এ পি ডি চি এলৰ বিদ্যুৎৰ ব্যৱস্থাই। ৰাজ্যত নতুনকৈ অন্তৰ্ধান হোৱা এ পি ডি চি এলৰ প্রি-পেইড মিটাৰে ৰাইজক বৰ্তমানেও সন্তুষ্ট কৰিব নোৱাৰা সময়তে বিভাগটোৱে পুনৰ বৃদ্ধি কৰিছে প্ৰতিইউনিটৰ মূল্য। শেহতীয়াকৈ অসম শক্তি বিতৰণ কোম্পানীয়ে লিমিটেডে prepaid মিটাৰ প্ৰচলন কৰি গ্ৰাহকক চিন্তাত পেলাইছিল। ইয়াৰোপৰিও APDCLএ বিগত এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি কিলোৱাটত ফিক্সড চাৰ্জ হিচাপে দহ টকাকৈ বৃদ্ধি কৰিছিল(Assam Power Distribution Company Limited)।

এতিয়া মাত্ৰ এমাহৰ পিছতেই ইন্ধন আৰু শক্তি ক্ৰয়ৰ নামত APDCLএ প্ৰতি ইউনিটত ৩০ পইচাৰ পৰা ৭০ পইচালৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে যোৱা ২৭ মে’ৰ এক জাননীৰ অনুসৰি, পৰৱৰ্তী তিনি মাহৰ বাবে গ্ৰাহকসকলক বৰ্ধিত বিদ্যুৎ মাচুল পৰিশোধ কৰিব লাগিব। পৰৱৰ্তী তিনি মাহৰ ভিতৰত APDCL য়ে মে’, জুন আৰু জুলাই মাহটো অন্তৰ্ভুক্ত কৰিছে। সেইদৰে প্ৰতিদিনে ০.৫ ৰ পৰা ১.৫ কিলোৱাটৰ ভিতৰত বিদ্যুৎ ব্যৱহাৰ কৰা জীৱনধাৰাৰ আঁচনিৰ অন্তৰ্গত গ্ৰাহকে প্ৰতি ইউনিটত ৩০ পইচাকৈ আদায় দিব লাগিব। ঠিক একেধৰণে, যিসসকল সাধাৰণ গ্ৰাহকে ১২০ ইউনিট আৰু ১২১ ৰ পৰা ২৪০ ইউনিটৰ ভিতৰত প্ৰতিমাহে ব্যৱহাৰ কৰে তেনেসকলৰ পৰাও ৩০ পইচাকৈ APDCL য়ে আদায় কৰিব।এই অনুসৰি নিম্ন প্ৰাবল্যৰ ঘৰুৱা গ্ৰাহকে প্ৰতি ইউনিটত ৩০ পইচাকৈ আৰু বাকী অন্য গ্ৰাহকে প্ৰতি ইউনিটত ৭০ পইচাকৈ বৰ্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব।

এতিয়াৰে পৰা জীৱনধাৰাৰ অধীনস্থ গ্রাহকে প্রতি ইউনিটত বিদ্যুৎ মাচুল ৪.৩৫ টকা,আনহাতে প্রতিমাহে ১২০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত দিব ল লাগিব ৫.২৫ টকা আৰু প্ৰতিমাহে ১২১ ৰ পৰা ২৪০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত ৭.৩০ টকাকৈ পৰিশোধ কৰিব লাগিব।

প্ৰতিশ্ৰুতি দি সময় মতে ভালদৰে বিদ্যুৎ যোগান ধৰিব নোৱাৰা APDCLয়ে কেৱল মাত্ৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে। প্ৰতিমাহে নতুন নতুন সমস্যাৰ কথা কৈ গ্ৰাহকৰ পৰা বিল আদায় কৰাত ব্যস্ত হৈ পৰিছে APDCLয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত বৰ্ষত বহুবাৰ বৃদ্ধি হৈছিল বিদ্যুৎ মাচুল। বিদ্যুৎ মাচুলৰ লগতে স্মাৰ্ট মিটাৰেও জ্বলা কলা খুৱাইছে সাধৰাণ জনতাক। তেনে সময়তে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিয়ে জনতাৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলাই সেয়া লক্ষণীয়।