APCC Vice President Dwijen Sharma Resigns Ahead of Lok Sabha Polls : জ্যেষ্ঠ কংগ্ৰেছী নেতা দ্বীজেন শৰ্মাৰ পদ ত্যাগ
নিউজ ডেস্ক, ১২ মাৰ্চ : জ্যেষ্ঠ কংগ্ৰেছী নেতা দ্বীজেন শৰ্মাৰ পদ ত্যাগ ৷ APCCৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ শৰ্মাৰ(APCC Vice President Dwijen Sharma Resigns Ahead of Lok Sabha Polls)৷
উল্লেখ্য যে, দিল্লীত প্ৰায় চূড়ান্ত হোৱাৰ পথত কংগ্ৰেছৰ অসমৰ প্ৰাৰ্থী তালিকা ৷ দ্বীজেন শৰ্মাও আছিল গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৷ পিছে প্ৰাৰ্থীৰূপে কংগ্ৰেছ নেতৃত্বৰ বিবেচনালৈ নাহিল দ্বীজেন শৰ্মাৰ নাম ৷ সেয়ে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ আগতেই উপ-সভাপতিৰ পদ ত্যাগ কৰিছে দ্বীজেন শৰ্মাই ।
বৰ্তমান এপচিচিৰ উপ-সভাপতি আৰু মুখপাত্ৰৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল লোকসভাৰ টিকট নোপোৱাটো নিশ্চিত হোৱাৰ পিচত পদত্যাগ কৰে দ্বীজেন শৰ্মাই । অৱশ্যে এতিয়ালৈকে কংগ্ৰেছৰ সদস্য পদ ত্যাগ কৰা নাই দ্বীজেন শৰ্মাই(APCC Vice President Dwijen Sharma Resigns Ahead of Lok Sabha Polls) ।