Local, Vocal, Global

APCC General Secretary Suruj Dehingia Resign : মুখ্যমন্ত্ৰীক সাক্ষাৎ সুৰুয দিহিঙীয়াৰ

নিউজ ডেস্ক, ১৩ মাৰ্চ : কংগ্ৰেছত ব্যাপক খহনীয়া । আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতা-কৰ্মীৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাত সৃষ্টি হৈছে জোকাৰণিৰ

মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাৰ পদত্যাগৰ পাছতে আজি পদত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰুয দিহিঙীয়াই।কংগ্ৰেছ এৰি বিজেপিলৈ APCCৰ সাধাৰণ সম্পাদক(Suruj Dehingia has decided to join the BJP)!

পদত্যাগৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে সুৰুয দিহিঙীয়াই । যোগদান কৰাৰ সম্ভাৱনা বিজেপিত(APCC General Secretary Suruj Dehingia Resign)।

জানিব পৰা মতে, লোকসভা নিৰ্বাচনত টিকট নোপোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে দিহিঙীয়াই।

লগতে পঢ়ক : Amit Shah will visit Assam on 15 March : ১৫ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ