প্ৰায় ৭ ফুট দৈঘ্যৰ অজগৰ

ডুমডুমাৰ সমীপৰ বাদলাবেটা চাহ বাগিছাত এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ । বাদলাবেটা চাহ বাগিছাৰ ৬ নম্বৰ লাইনত উদ্ধাৰ হৈছে অজগৰ ডাল ।
স্থানীয় লোকসকলে অজগৰ ডাল দেখা পায় বন বিভাগক খবৰ দিয়ে । ডুমডুমা বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰে ।
প্ৰায় ৭ ফুট দৈঘ্যৰ অজগৰ ডাল ডুমডুমা বন বিভাগে উদ্ধাৰ কৰি কাৰ্যালয়লৈ লৈ যায় ।