Local, Vocal, Global

নতুন দিল্লীৰ Indira Gandhi International Airportত আটক পিষ্টল কঢ়িয়াই অনা এহাল ভাৰতীয় দম্পতী

নিউজ ডেস্ক, ১৩ জুলাই : বুধবাৰে নতুন দিল্লীৰ Indira Gandhi International Airportত শুল্ক বিষয়াসকলে ৪৫ টা পিষ্টল কঢ়িয়াই অনা এহাল ভাৰতীয় দম্পতীক আটক কৰিছে।

সন্ত্ৰাসবাদ বিৰোধী গোট নেচনেল চিকিউৰিটি গাৰ্ড (NSG)ৰ মতে, বন্দুকবোৰ ‘সম্পূৰ্ণ বাস্তৱ’ দেখা পোৱা যায়।

সম্প্ৰতি, বন্দুকবোৰ প্ৰকৃত নে নহয় নিৰ্ধাৰণ কৰিবলৈ অনুসন্ধান চলি আছে।

বন্ধুকৰ সৈতে গ্ৰেপ্তাৰ হোৱা লোক দুজনক Jagjit Singh আৰু Jaswinder Kaur বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, ১০ জুলাইত, দম্পতীহাল ভিয়েটনামৰ পৰা ভাৰতলৈ উভতি আহিছিল। আৰু জগজিৎক তেওঁৰ ভাতৃ মনজিৎ সিঙে দিয়া দুটা ট্ৰলী বেগত Tht  E Pistolsৰ সৈতে বিমানবন্দৰত ধৰা পৰিছিল।

খবৰ অনুসৰি, মনজিৎ সিঙে ফ্ৰান্সৰ পেৰিছৰত অৱতৰণ কৰাৰ পিছত ভিয়েটনামত জগজিৎ সিঙক বেগবোৰ দিছিল।

জানিব পৰা অনুসৰি বন্দুকবোৰৰ মুঠ মূল্য প্ৰায় ২২,৫০,০০০ টকা বুলি ধাৰণা কৰা হৈছে।

লক্ষণীয়ভাৱে, দুয়োজন অভিযুক্তই স্বীকাৰ কৰিছে যে তেওঁলোকে আগতে তুৰস্কৰ পৰা ভাৰতলৈ ২৫ টা পিষ্টল আনিছিল।