Amritpal Singh to take oath as MP on July 5: বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ নিয়া হ’ব

নিউজ ডেস্ক ৪ জুলাইঃ কাৰাগাৰৰ পৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰা খালিস্তানী নেতা অমৃতপাল সিঙক শপতগ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। ৫ জুলাইত সাংসদৰূপে শপত ল’ব অমৃত পালে৷ সাংসদ পুত্ৰৰ শপতগ্ৰহণৰ প্ৰাকক্ষণত নতুন দিল্লীলৈ ৰাওনা খালিস্তানী নেতা অমৃতপাল সিঙৰ পিতৃ তৰচেম সিঙৰ।
পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হোৱা অমৃতপাল সিঙৰ শপতগ্ৰহণৰ বাবে পঞ্জাব চৰকাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ আবেদন প্ৰেৰণ কৰিছিল । ইয়াৰ ভিত্তিত খালিস্তানৰ সমৰ্থক অমৃতপাল সিঙক ৪ দিনৰ বাবে পেৰ’লত মুক্তি দিয়া হৈছে । ৫ জুলাইত অমৃতপালে সংসদ সদস্য হিচাপে শপতগ্ৰহণ কৰিব (Amritpal to take oath as MP on July 5)
উল্লেখযোগ্য যে, বৰ্তমান তেওঁ অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে । বৃহস্পতিবাৰে কটকটীয়া নিৰাপত্তাৰে বিশেষ বিমান যোগে তেওঁক ডিব্ৰুগড়ৰ পৰা নিয়া হ’ব দিল্লীলৈ৷
এই সন্দৰ্ভত অমৃতসৰৰ উপায়ুক্ত ঘনশ্যাম থোৰীয়ে কয়, ‘‘অমৃতপাল সিঙক ৫ জুলাইৰ পৰা ৪ দিন বা তাতকৈ কম সময়ৰ বাবে কিছুমান চৰ্তৰে পেৰ’ল দিয়া হৈছে, যাৰ বিষয়ে ডিব্ৰুগড়ৰ জেল অধীক্ষকক অৱগত কৰা হৈছে ।’’
লগতে পঢ়ক : Section 163 in Nagaon after tiger scare : নগাঁৱত বাঘৰ আতংক; জাৰি ১৬৩ ধাৰা