Security beefed : গৃহমন্ত্ৰীৰ ৰাজহুৱা বৈঠকৰ পূৰ্বে বিশাখাপট্টনমত অধিক কটকটীয়া কৰা হ’ল নিৰাপত্তা ব্যৱস্থা

নেশ্যনেল ডেস্ক, ১১ জুন : অমিত শ্বাহৰ ৰাজহুৱা বৈঠকৰ পূৰ্বে বিশাখাপট্টনমত নিৰাপত্তা অধিক শক্তিশালী কৰি তোলা হৈছে (Amit Shah visit Visakhapatnam ) । দেওবাৰে নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰে’লৱে খেলপথাৰত এখন ৰাজহুৱা সভা সম্বোধন কৰিব (Amit Shah) ।
বিজেপি চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এই উদযাপনত অংশগ্ৰহণ কৰিব অমিত শ্বাহে । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিগত ৯ বছৰৰ উন্নয়নমূলক কাম-কাজৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ সম্ভাৱনা আছে ।
বিশাখাপট্টনম চহৰৰ ডিচিপি বিদ্যাসাগৰ নাইডুৱে কয় যে, ৩০০০ লোকে এই জনসভাত অংশগ্ৰহণ কৰিব বুলি আশা কৰিছে আৰু সভাৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
ৰাজহুৱা সভাৰ বাবে ৰখা নিষেধাজ্ঞাৰ বিষয়ে তেওঁ কয় যে, “ভিজাগৰ পৰা অহা লোকৰ বাবে কোনো নিষেধাজ্ঞা নাই । কনভয় বাটত থাকিলেহে যাতায়ত বন্ধ কৰা হ’ব।” দেওবাৰে ডিচিপিয়ে আইএনএছ ডেগা, বিমানবন্দৰ, ৰেলৱে খেলপথাৰ, বন্দৰ অতিথিশালাৰ দৰে অঞ্চল পৰিদৰ্শন কৰে ।
দেওবাৰে সন্ধিয়া বি এছ এফৰ বিশেষ বিমানেৰে চেন্নাইৰ পৰা বিশাখাপট্টনমলৈ আহিব অমিত শ্বাহ (Amit visit Shah Vishakhapatnam) । সন্ধিয়া ৭ বজাত ৰাজহুৱা সভা অনুষ্ঠিত হোৱাৰ পিছত তেওঁ সাগৰিকা কল্যাণমণ্ডপমত নিজৰ দলৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব।
সন্ধিয়া অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত উপস্থিত হ’ব গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah)। শ্বাহে বিমানেৰে চেন্নাইৰ পৰা বিশাখাপট্টনমৈ ৰাওনা হ’ব ।
উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে নিশা গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ দুদিনীয়া ভ্ৰমণসূচীৰে চেন্নাইত উপস্থিত হয় (Amit Shah Tamil Nadu visit)। নান্দেড়ৰ পৰা তেওঁ নিশা ৯.২০ বজাত চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে । তাৰ পাছত অমিত শ্বাহে গুইণ্ডিত থকা তেওঁৰ হোটেললৈ বিমানবন্দৰৰ পৰা গাড়ীৰে যাত্ৰা কৰে ।
আনহাতে তেওঁৰ আগমণৰ সময়ত বিমানবন্দৰৰ ওচৰৰ ৰাস্তাৰ ষ্ট্ৰীট লাইটবোৰ সেই সময়ত বন্ধ হৈ আছিল । বিজেপি কৰ্মীসকলে দাবী কৰা মতে ইচ্ছাকৃতভাৱে ষ্ট্ৰীট লাইটবোৰ বন্ধ কৰি দিয়া হৈছিল ।
এই ঘটনাৰ বাবে তামিলনাডুৰ বিজেপি চৰকাৰক দোষাৰোপ কৰিছে বিজেপি দলৰ নেতা-কৰ্মীসকলে (Amit Shah Security Lapse)। তামিলনাডু বিজেপিৰ উপ-সভাপতি কাৰু নাগাৰাজনে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিহেতু পূৰ্বে গৃহ মন্ত্ৰীৰ পথ নিৰ্ধাৰণ কৰা হৈছিল । তেওঁ লগতে এই বিষয়টো গুৰুত্ব সহকাৰে তদন্ত কৰিবলৈও দাবী জনায় ।
ইফালে, ৰাজ্য চৰকাৰে ইচ্ছাকৃতভাৱে ষ্ট্ৰীট লাইট বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ বিজেপি কৰ্মীয়ে প্ৰতিবাদো সাব্যস্ত কৰে ।
উল্লেখ্য যে অমিত শ্বাহৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ । কিয়নো বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৯ বছৰীয়া শাসনকালৰ সফলতাসমূহ জনসাধাৰণক জনোৱাৰ উদ্দেশ্যে বিজেপিৰ মাহজোৰা বিশেষ অভিযানৰ অংশ হৈ পৰিছে অমিত শ্বাহৰ এই ভ্ৰমণ । দেওবাৰে পুৱা চেন্নাই দক্ষিণ সমষ্টিৰ দলীয় কৰ্মীসকলৰ এখন সভাত অমিত শ্বাহে অংশগ্ৰহণ কৰে । পাছত, তেওঁ আবেলি ভেলোৰৰ ওচৰৰ পল্লীকোণ্ডাত এখন ৰাজহুৱা সভা সম্বোধন কৰিব । আনহাতে তেওঁ দেওবাৰে সন্ধিয়া অন্ধ্ৰ প্ৰদেশলৈ ৰাওনা হ’ব যাৰ বাবে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত নিৰাপত্তা অধিক কটকটীয়া কৰি তুলিছে ।
লগতে পঢ়ক : Bhupen Borah at Haflong : ডিমা হাছাওৰ কংগ্ৰেছ বৈঠকত উপস্থিত ভূপেন বৰা