Local, Vocal, Global

Amit Shah To Hold Mega Roadshow In Guwahati On April 29 : সোমবাৰে গুৱাহাটীত চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ ৰোড শ্ব’ত ভাগ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে

নিউজ ডেস্ক,২৭ এপ্ৰিল : সোমবাৰে অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ । নিৰ্বাচনীয় প্ৰচাৰৰ উদ্দেশ্য অসমলৈ আহিব গৃহমন্ত্ৰীগৰাকী । অসমলৈ আহি গৃহমন্ত্ৰী গুৱাহাটীত চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ ৰোড শ্ব’ত ভাগ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে(Amit Shah To Hold Mega Roadshow In Guwahati On April 29) ।

ৰাজ্য়ত চলি আছে লোকসভা নিৰ্বাচন ইতিমধ্যে ৰাজ্যত সমাপ্ত হৈছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যিক বিজেপিৰ । তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া চাৰিটা সমষ্টিৰ বাবে ব্যস্ততা বাঢ়িছে ভাৰতীয় জনতা পাৰ্টিৰ ।

ইতিমধ্যে তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছে কেইবাখনো বৈঠক । শুকুৰবাৰৰ নিশাও মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এখন বিশেষ নিৰ্বাচনী বৈঠক । এই বৈঠকত নিৰ্বাচন হ’বলগীয়া চাৰিটা সমষ্টিৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগন্তুক অসম ভ্ৰমণ সম্পৰ্কতো আলোচনা কৰা হয় ।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৯ এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব বুলি জানিবলৈ দিয়ে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ৰোড শ্ব’টো গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশ পৰ্যন্ত হ’ব বুলি জনায় । ইয়াৰোপৰি মহানগৰীৰ ট্ৰেফিক জামৰ লগতে জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ মাত্ৰ দুই কিলোমিটাৰ ৰোড শ্ব’হে হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনায়(Amit Shah To Hold Mega Roadshow In Guwahati On April 29) ।

লগতে পঢ়ক : MLA terash gowalla Admitted in Apollo Hospital in Chennai : অসুস্থ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা