Local, Vocal, Global

দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ-পূবলৈ অমিত শ্বাহ…

ডিজিটেল ডেস্ক:- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী।দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ-পূবলৈ আহিব অমিত শ্বাহ।দিনৰ ১০.১০ বজাত অমিত শ্বাহৰ হেলিকপ্টাৰ দিল্লীৰ পৰা উৰা মাৰিব আৰু ১২.৪০ বজাত বিশেষ বিমানেৰে ডিব্ৰুগড় পাবহি অমিত শ্বাহ। প্ৰথমে ডিব্ৰুগড়ত ভৰি থবহি অমিত শ্বাহে।

১২.৪৫ বজাত অৰুণাচললৈ ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী। কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে প্ৰথমবাৰ অৰুণাচললৈ অমিত শ্বাহ। অৰুণাচলৰ ভাৰত-চীন সীমান্তত মুকলি কৰিব কেইবাখনো আঁচনি। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘Vibrant Villages Programme’। আঞ্জাও জিলাৰ কিবিথুত অমিত শ্বাহে উদ্বোধন কৰিব এই আঁচনি। এই আঁচনিৰ অধীনত উন্নত কৰা হ’ব সীমান্তৰ গাঁৱৰ আন্তঃগাঁথনি।এই কাৰ্যসূচীৰ যোগেদি সীমান্তৰ চিনাক্তকৰণ কৰা গাওঁ সমূহত বসবাস কৰা লোক সকলৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া উন্নত কৰাৰ লগতে তেওঁলোকক নিজ স্থানতে বসবাস কৰাৰ ক্ষেত্রত উৎসাহিত কৰিব বুলি লক্ষ্য কৰা হৈছে। ইয়ে গাওঁবাসীসকল সেই ঠাই এৰি গুচি নোযোৱাত সহায় কৰিব আৰু সীমান্ত সুৰক্ষাত সহায় কৰিব। দিনৰ ২ বজাৰ তেওঁ আনজাউ জিলাৰ কিৱিতুত উপস্থিত হ’ব অমিত শ্বাহ।

কাইলৈ ১১.৩৫ বজাত ৱালৱালঙৰ পৰা ডিব্ৰুগড়ৰ অভিমুখে পুনৰ হেলিকপ্টাৰ যোগে ৰাওনা হব। বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ৰ ভূমিপূজন অনুষ্ঠানত অংশ ল’ব শ্বাহে। ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মানকটা খেলপথাৰত ১২.৫০ বজাত বিজেপিৰ বিশাল জনসভা। কৃষক কাৰ্যকৰ্তা সন্মিলনতো অংশ ল’ব অমিত শ্বাহে।