Local, Vocal, Global

ৰাতিপুৱা ভুলটো নাখাব এইসমূহ খাদ্য,ন’হলে হব পাৰে আপোনাৰ স্বাস্থ্য ক্ষতি…

ডিজিটেল ডেস্ক:- ৰাতিপুৱা সাৰ পোৱাৰ পিছত আমি শৰীৰৰ যত্ন লোৱাটো উচিত।বহুলোকে ৰাতিপুৱা শুই উঠিয়ে কিছুমান ডাঙৰ ভুল কৰে যিয়ে তেওঁলোকৰ শৰীৰটোক যথেষ্ট ক্ষতি কৰিব পাৰে। এই ক্ষতিবোৰ পিছলৈ গৈ ইমানে বেছি গুৰুতৰ হৈ উঠে যে শৰীৰৰ প্ৰতিটো অংগ অসুস্থ হৈ পৰিব পাৰে।
যদিহে আপুনি শৰীৰটো সম্পূৰ্ণ সুস্থ আৰু সতেজ কৰি ৰাখিব বিচাৰে, তেনেহ’লে ৰাতিপুৱা সাৰ পোৱাৰ পিছত ভুল কেতিয়াও নকৰিব।

কিছুসংখ্যক লোকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে বিচনাতে চাহ অথবা কফি খাব বিচাৰে। কিন্তু শুই উঠিয়ে বিচনাতে চাহ অথবা কফি খোৱাটো অত্যন্ত বেয়া অভ্যাস। ইয়াৰ সলনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত সদায়ে পানী খাব লাগে। ই শৰীৰৰ যৌগিক প্ৰক্ৰিয়া সক্ৰিয় কৰি তুলে আৰু হজম শক্তি আৰু পাকস্থলী স্বাস্থ্যৱান কৰি ৰাখে।ৰাতি ভালদৰে টোপনি যোৱাৰ পিছত ৰাতিপুৱা উঠি গোটেই দিনটোৰ কাম কৰাৰ বাবে শৰীৰটোয়ে শক্তি লাভ কৰে।

দিনটো ভালদৰে পাৰ কৰিবলৈ ৰাতিপুৱা সোনকালে উঠাটো প্ৰয়োজনীয়।বিশেষকৈ সূৰ্য্যোদয়ৰ আগতে উঠিব পাৰিলে খুবেই ভাল। ই আপোনাক গোটেই দিনটো সতেজ অনুভৱ কৰোৱাৰ লগতে বহু ৰোগৰ পৰা সুৰক্ষাও দিয়ে।সোনকালে উঠিলে আপুনি গোটেই দিনটোত বহু কাম কৰিব পৰাকৈ অধিক সময় পাব।

ৰাতিপুৱা তামৰ পাত্ৰত পানী খোৱা শৰীৰৰ বাবে উপকাৰী। ই পেটৰ সমস্যাসমূহ আঁতৰ কৰি উন্নত শাৰীৰিক বিকাশত সহায় কৰে।

স্বাস্থ্যৱান হৈ থাকিবলৈ যোগ আৰু ধ্যান হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। সেয়েহে, সদায় ৰাতিপুৱা মুকলি বতাহত আধা ঘণ্টাৰ বাবে যোগ আৰু ধ্যান কৰিব। ই মনক শান্ত কৰি শাৰীৰিক আৰু মানসিক উন্নত বিকাশত সহায় কৰে। তদুপৰি যোগ আৰু ধ্যান কৰিলে খং নিয়ন্ত্ৰণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

ৰাতিপুৱা পাৰিলে দৈ খাব। দৈ খোৱাটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। দৈ খালে শৰীৰৰ পৰা ভাগৰ, দুৰ্বলতা নাইকিয়া হয় আৰু গোটেই দিনটো উদ্যমী অনুভৱ কৰাত সহায় কৰে।

বহুতো মানুহে ৰাতিপুৱা নোখোৱাকৈ কামলৈ যায়। কিন্তু ইয়াৰ ফলত শৰীৰটো লেহেমীয়া আৰু দুৰ্বল হয়। ৰাতিপুৱা স্বাস্থ্যকৰ আহাৰ খালে শৰীৰটোক গোটেই দিনটোৰ বাবে শক্তি প্ৰদান কৰে। ইয়াৰ লগতে এই আহাৰে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।সেয়েহে কেতিয়াও ৰাতিপুৱাৰ আহাৰ বাদ নিদিব।

ৰাতিপুৱাৰ আহাৰত অধিক মচলাযুক্ত আৰু তৈলাক্ত বস্তু খোৱাৰ ফলত শৰীৰত ৰোগৰ আশংকা বৃদ্ধি হয়।সেয়েহে ৰাতিপুৱা আহাৰত মচলাযুক্ত আৰু তৈলাক্ত বস্তু খাব নালাগে।

ৰাতিপুৱা সাৰ পোৱাৰ পাছতে বহুলোকৰ ধূমপান কৰাৰ অভ্যাস আছে।ই শৰীৰৰ যথেষ্ট ক্ষতি কৰে।সেয়েহে ৰাতিপুৱা বা যিকোনো সময়তে ধূমপান পৰিহাৰ কৰিব লাগে।