Local, Vocal, Global

কৰ’নাই বিভীষিকাৰ সৃষ্টি কৰা সৰ্বশক্তিমান আমেৰিকালৈ আন এক বিপদ

কাল কৰ’নাই বিভীষিকাৰ সৃষ্টি কৰা সৰ্বশক্তিমান আমেৰিকালৈ আন এক বিপদ। এইবাৰ আমেৰিকাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বনজুইয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম উপকূলত আগষ্ট মাহৰ পৰা বনজুইয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বনজুইৰ প্ৰভাৱত ২৪জনকৈ লােকৰ মৃত্যু ঘটাৰ বিপৰীতে অ’ৰেগনৰ অৰ্ধ নিযুত লােকক নিৰাপদ দূৰত্বলৈ আঁতৰি যােৱাৰ নির্দেশ প্ৰদান কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম অঞ্চলত নিউ জাছি চহৰৰ সমান আকাৰৰ প্রায় ১০০ বনজুইৰ সূত্রপাত হােৱাত পৰিস্থিতি জটিল হৈ পৰিছে।

কেলিফর্ণিয়া, অৰেগন আৰু বাশিংটনত বনজুইৰ ফলত বায়ুমণ্ডলৰ মান অৱনমিত হৈ পৰিছে। বনজুইৰ প্ৰভাৱত কুঁৱলী কুঁৱলী হৈ পৰিছে আকাশ। অৰেগনৰ জৰুৰীকালীন কর্তৃপক্ষই নাগৰিকসকলক নিৰাপদ দূৰত্বলৈ আঁতৰি যােৱাৰ পৰামর্শ দিয়ে। প্রায় ৯ হেজাৰ লোেক বাস কৰা মূলাল্লা চহৰৰ বাসিন্দাসকলক ইতিমধ্যে আঁতৰি যােৱাৰ নির্দেশ দিয়াৰ পাছত অধিকাংশ লােক নিৰাপদ স্থানলৈ গৈছে যদিও ৩০জন লােকে চহৰ ত্যাগ কৰা নাই।

অৰেগনৰ গৱৰ্ণৰ কেট ব্রাউনে সংবাদমেলত সদৰী কৰা মতে প্রায় ৪০ হেজাৰ লােকক বাধ্যতামূলকভাৱে ঘৰ এৰাৰ নির্দেশ দিয়া হৈছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ নহাত। এই অঞ্চলত কেইবাশও ঘৰ ইতিমধ্যে জুইত জাহ গৈছে বুলি গৱৰ্ণৰগৰাকীয়ে জানিবলৈ দিয়ে।