Local, Vocal, Global

২১ ছেপ্টেম্বৰ পৰা খুলিব ৰাজ্যৰ বিদ্যালয়সমূহ

অপেক্ষাৰ অৱসান৷ ২১ ছেপ্টেম্বৰত খুলিব ৰাজ্যৰ বিদ্যালয়সমূহ৷ বিগত ছমাহে বন্ধ হৈ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ৷ জিএমচিএইচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি প্ৰদান অনুষ্ঠানৰ অন্তত এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ৫০ শতাংশ শিক্ষকৰ উপস্থিতিৰে খোলা হ’ব বিদ্যালয়সমূহ৷ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে যাব পাৰিব বিদ্যালয়লৈ৷ উল্লেখ্য যে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে অভিভাৱকৰ অনুমতি পালেহে যাব পাৰিব৷ বিদ্যালয়সমূহ প্ৰশাসনে ছেনিটাইজাৰ কৰিব৷

বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পিন্ধি আহিব লাগিব মাস্ক৷ শিক্ষাৰ্থীয়ে মানি চলিব লাগিব ৬ ফুট সামাজিক দূৰত্ব৷ ছাত্ৰ-ছাত্ৰীয়ে আদান-প্ৰদান কৰিব নোৱাৰিব বহী-কিতাপ৷ লগতে বিনিময় কৰিব নোৱাৰিব শিক্ষাৰ লগত জড়িত সামগ্ৰী৷ নাথাকিব প্ৰাতঃ প্ৰার্থনা৷ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়ত প্ৰয়োজন নহ’ব বায়’মেট্ৰিক্স ব্যৱস্থাৰ৷