অম্বুবাচীৰ প্ৰবৃত্তি আৰু নিবৃত্তি কেতিয়া আপুনি জানেনে?
২২ জনুৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী। কোভিড সংক্ৰমণৰ ভয়াবহতাৰ বাবে এইবাৰ পূৰ্বৰ দৰে অনুষ্ঠিত নহয় পবিত্ৰ অম্বুবাচী। শক্তিপীঠত সমাগম নহয় দেশ-বিদেশৰ সাধু-সন্ন্যাষীৰ লগতে সাধাৰন ভক্তৰ। কেৱল শক্তিপীঠৰ পুজাৰীয়েই অনুষ্টুপীয়াকৈ সম্পন্ন কৰিব প্ৰচলিত সকলো ৰীতি নীতি। পঞ্জিকা অনুসৰি আগন্তক ২২ জুন মঙলবাৰে দিনৰ ২ঃ০৬ঃ০৭ মিনিটত অম্বুবাচীৰ মহাযোগৰ প্ৰবৃত্তি হ‘ব আৰু আৰু ২৬ জুন, বুধবাৰে নিশা ২ঃ২৯ঃ০৯ মিনিটত নিবৃত্তি হ‘ব। মাজৰ সময়ছোৱাত অৰ্থাৎ ২৩, ২৪, আৰু ২৫ জুনত কামাখ্যা ধামৰ মূল দুৱাৰ বন্ধ থাকিব। ২৬ জুনত খুলিব ধামৰ দুৱাৰ।