Local, Vocal, Global

গেৰুৱা হল ৰূপজ্যোতি

আজি ধেমাজিৰ NHPC প্ৰেক্ষাগৃহত বিজেপিত যোগদান কৰে ৰূপজ্যোতি কুৰ্মীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰূপজ্যোতিৰ BJPত যোগদান। বিজেপিত যোগদান কৰিয়েই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰূপজ্যোতি কুৰ্মী৷ কুৰ্মীয়ে কয়, ‘‘কংগ্ৰেছ দল এতিয়া ভিজনহীন৷ দলে মূল কৰ্মীক গুৰুত্ব প্ৰদান নকৰে৷’’ দলীয় নেতৃত্বৰ ওপৰত খৰ্গহস্ত হৈ কংগ্ৰেছ দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কংগ্ৰেছৰ চাৰিবাৰৰ বিধায়কগৰাকীয়ে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল, ‘‘ডেকাচামক আগুৱাই নিয়াৰ কোনো মানসিকতা নাই কংগ্ৰেছৰ। একাংশ নেতাকে ডাঙৰ ডাঙৰ পদবীবোৰ লাগে। ডেকা চামকো যে এটা সুযোগ দিব লাগে সেইটো কংগ্ৰেছ দলে বুজিবলৈ চেষ্টা নকৰিলে। কংগ্ৰেছ দলটোৱে ডেকা চামক নিবিচাৰে। যাৰ বাবে মই এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো।’’