Local, Vocal, Global

International day of drug abuse : ড্ৰাগছ মুক্ত হওক সমাজ

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬জুন : বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে, যাৰবাবে ধ্বংসৰ গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্ম। ড্ৰাগছৰ কৱলৰ পৰা সকলোকে উদ্ধাৰ কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ২৬ জুন অৰ্থাৎ আজিৰ দিনটোতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস(International day of drug abuse)। ১৯৮৭ চনৰ ৭ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ ৰোধ কৰিবৰ বাবে ঘোষণা কৰিছিল এই বিশেষ দিনটো পালন কৰাৰ কথা।এই দিসৱৰ লক্ষ্য হৈছে ড্ৰাগছৰ অপব্যৱহাৰৰ পৰা বিশ্বক মুক্ত কৰাৰ লক্ষ্যত উপনীত হ’বলৈ কাৰ্য্য আৰু সহযোগিতা শক্তিশালী কৰা।

ইতিহাস(International Day of Drug Abuse history)
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি ক্ৰমাগত বৃদ্ধি পাইছে।যাৰ ফলত ধ্বংস হবলৈ ধৰিছে পৰিয়াল,যুৱ প্ৰজন্মৰ স্বাস্থ্য আৰু কেৰিয়াৰ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৮৭ চনৰ ৭ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই সামাজক ড্ৰাগছমুক্ত কৰাৰ প্ৰস্তাৱ দাখিল কৰে। আৰু ২৬ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে।ইয়াৰ পাছত ১৯৮৯ চনৰ ২৬ জুনত প্ৰথমবাৰৰ বাবে ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস হিচাপে এই দিনটো পালন কৰে।

তাৎপৰ্য্য
এই দিৱসৰ লক্ষ্য হৈছে যুৱ প্ৰজন্মক ড্ৰাগছ আসক্তিৰ পৰা ৰক্ষা কৰা আৰু সৰবৰাহ নিষিদ্ধ কৰা।ড্ৰাগছ সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে অধিক সজাগতা প্ৰচাৰ কৰা। তদুপৰি যুৱক-যুৱতীসকলৰ মাজত দায়িত্ববোধ জগাই তোলা যাতে তেওঁলোক ড্ৰাগছৰ বলি নহয়।আজিৰ দিনটোত বিশ্বজুৰি ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে এক সজাগতা অভিযান চলোৱা হয়।

লগতে পঢ়ক : Crime in Dhemaji : ধেমাজিত দিনদুপৰতে ইটোৰ পাছত সিটো চুৰিৰ কাণ্ড