Amarnath Yatra 2023: বতৰ উন্নত হোৱাৰ লগে লগে পহলগাম পথত পুনৰ আৰম্ভ অমৰনাথ যাত্ৰা

শ্ৰীনগৰ, ৯ জুলাই: বেয়া বতৰৰ বাবে যোৱা দুদিন ধৰি বালতাল আৰু পহলগামৰ দুয়োটা পথেৰে স্থগিত ৰখা হৈছিল অমৰনাথ যাত্ৰা (Bad weather conditions) । শেহতীয়াকৈ বতৰ উন্নত হোৱাৰ বাবে দেওবাৰে বিয়লিৰ পৰা পহলগাম পথটোৰে পুনৰ আৰম্ভ হৈছে অমৰনাথ যাত্ৰা (Amarnath Yatra resumed)।
অৱশ্যে আনটো পথ বালতালেৰে এতিয়াও আৰম্ভ হোৱা নাই যাত্ৰা(Amarnath Yatra 2023)।
একেলেথাৰিয়ে হোৱা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে জম্মু-শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰাত জম্মু বেছ কেম্প(Jammu Base camp )ত ভক্তসকলৰ এটা গোটক দেওবাৰে কৰ্তৃপক্ষই ৰখাই দিছিল ।
ইফালে প্ৰতিকূল বতৰৰ বাবে অমৰনাথৰ এই যাত্ৰা স্থগিত ৰখাৰ পৰিপ্ৰেক্ষিতত ৰামবনত ৬ হাজাৰ তীৰ্থযাত্ৰী (Amarnath Yatra pilgrims) আবদ্ধ হৈ পৰে বুলি বিষয়াসকলে জানিবলৈ দিছে ।
তাৰোপৰি বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটকৰ কমেও ৮০ গৰাকী তীৰ্থযাত্ৰী অমৰনাথ গুহাৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগত থকা পঞ্চতাৰ্ণীত আবদ্ধ হৈ থকা বুলি এক বিবৃতিযোগে কৰ্ণাটক চৰকাৰে শনিবাৰে প্ৰকাশ কৰিছিল (People from Karnataka trapped) ।
ৰামবানৰ উপায়ুক্ত (Ramban Deputy Commissioner) , মুছাৰট ইছলামে সংবাদ প্ৰতিষ্ঠানক জনোৱা অনুসৰি, তীৰ্থযাত্ৰীসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰশাসনে সকলো পদক্ষেপ গ্ৰহণ কৰিছে ।
“বেয়া বতৰৰ বাবে কালি অমৰনাথ যাত্ৰা স্থগিত ৰখা হৈছিল (Amarnath Yatra suspended)…ইয়াৰ ‘যাত্ৰী নিৱাস’ত তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আমি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তীৰ্থযাত্ৰীসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে আমি সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছো”।
বিষয়াগৰাকীয়ে লগতে জনায় যে, জম্মু শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো(Jammu Srinagar National Highway 44 )ৰ ৰামবনস্থিত এটা অংশত হোৱা ভূমিস্খলনৰ ফলত পথটোৰে যান-বাহনৰ যাতায়ত বন্ধ হৈ আছে ।
যোৱা ৫ জুলাইত বালতাল বেছ কেম্প আৰু নুনৱান বেছ কেম্প- এই দুয়োটা কেম্পৰ পৰা প্ৰায় ১৮,৩৫৪ গৰাকী তীৰ্থযাত্ৰী অমৰনাথ গুহা মন্দিৰ(Amarnath cave shrine)লৈ ৰাওনা হৈছিল ।
চলিত সপ্তাহৰ আৰম্ভণিতে এক বিবৃতিযোগে প্ৰশাসনে উল্লেখ কৰা অনুসৰি এই তীৰ্থযাত্ৰীসকলৰ ভিতৰত ১২৪৮৩ জন পুৰুষ, ৫১৪৬ গৰাকী মহিলা, ৪৫৭ টি শিশু, ২৬৬ জন সাধু, আৰু ২ গৰাকী সাধ্বী আছে।
উল্লেখ্য যে, যোৱা ১ জুলাইৰ পৰা যাত্ৰা আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে কমেও ৬৭,৫৬৬ গৰাকী তীৰ্থযাত্ৰীয়ে অমৰনাথ গুহা মন্দিৰ দৰ্শন কৰিছে । লগতে আগন্তুক দিনটেইটাত আৰু অধিক যাত্ৰীয়ে অমৰনাথলৈ যাত্ৰা কৰি মন্দিৰ পৰিদৰ্শন কৰিব ।” ।’
এইবাৰৰ ৬২ দিনীয়া অমৰনাথ যাত্ৰা ১ জুলাইৰ পৰা আৰম্ভ হৈ অহা ৩১ আগষ্টত শ্ৰৱণ পূৰ্ণিমা উৎসৱৰ দিনা সামৰণি পৰিব(Shravan Purnima festival) । যাত্ৰাৰ সময়ত হ’ব পৰা যিকোনো ৰোগৰ পৰা তীৰ্থযাত্ৰীসকলক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰাৰ লগতে যাত্ৰাৰ দুয়োটা পথতে কৰ্তৃপক্ষই সামূহিক ‘লংগৰ’স্থাপন কৰিছে য’ত বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হ’ব । তাৰোপৰি যাত্ৰাৰ এই পথচোৱাত যিকোনো ধৰণৰ জাংক ফুড গ্ৰহণ প্ৰশাসনে নিষিদ্ধ কৰিছে ।
লগতে পঢ়ক : Amarnath Yatra 2023: বেয়া বতৰৰ বাবে একেৰাহে দ্বিতীয় দিনাও স্থগিত অমৰনাথ যাত্ৰা