Local, Vocal, Global

অসম গৌৰৱ বঁটা প্ৰাপক কল্পনা বড়োৰ দেহাৱসান

নিউজ ডেস্ক, ১০ জুলাই : দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে অসম গৌৰৱ বঁটা প্ৰাপক কল্পনা বড়োৱে।

অসমৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌটাত থকা তেওঁৰ নিজা বাসগৃহত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

কল্পনা বড়ো এগৰাকী অংগনৱাড়ী কৰ্মী হিচাপে বিভিন্ন সম্প্ৰদায়ৰ সৈতে দক্ষ সম্পৰ্ক গঢ়াৰ বাবে জনাজাত। তেওঁ SAM (গুৰুতৰ তীব্ৰ পুষ্টিহীনতা) শিশুৰ পৰিপূৰক পুষ্টি আৰু নিয়মীয়া বিকাশ নিৰীক্ষণ প্ৰদান কৰাত যথেষ্ট প্ৰদৰ্শন দেখুৱাইছিল।

শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰাক বিদ্যালয় শিক্ষা কাৰ্যকৰীভাৱে পৰিচালনা কৰাত বড়োৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

উল্লেখ্য যে এই বছৰৰ আৰম্ভণিতে জানুৱাৰীত, বড়োক ৰাজ্য চৰকাৰে ৰাজহুৱা সেৱাৰ বাবে ‘অসম গৌৰৱ বঁটা’ প্ৰদান কৰিছিল।