Local, Vocal, Global

সৌন্দৰ্যবৰ্ধন কৰাৰ লগতে জেতুকাৰ আছে ঔষধি গুণ…

ডিজিটেল ডেস্ক:- প্ৰাচীন কালৰ পৰা আমাৰ সমাজত ভিন্ন সামজিক,সাংস্কৃতি আৰু ঔষধি গছ হিচাপে জেতুকা ব্যৱহাৰ কৰি আহিছে।ভাৰতত ভিন্ন স্থানত জেতুকা বহুলভাৱে প্ৰচলিত।উৎসৱ পাৰ্বনতনাৰী সকলে জেতুকা ব্যৱহাৰ কৰা হয়।অসমীয়া সমাজত বিশেষ ৰঙালী বিহুত জেতুকা ব্যৱহাৰ কৰা হয়।বিহুৰ আগদিনা বিহুৱতীসকলে জেতুকা লগাই বিহুৰ দিনা নাচিবলৈ যায়। জেতুকাই সৌন্দৰ্যবৰ্ধনৰ কৰাৰ লগতে ঔষধি গুণ হিচাপে তেজুকাক ব্যৱহাৰ কৰি আহিছে।
জেতুকাৰ পাতৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। বিহুৰ জেতুকাৰ পাত, পাণ তথা থেকেৰা আদিৰ সৈতে মিহলাই পটাত পিহি ৰং উলিওৱা হয়। জেতুকাৰ বিভিন্ন ঔষধি গুণ তলত উল্লেখ কৰা হ’ল –

জেতুকাৰ পাত থেৰেজুৰ গুটি ৰ লগত খুন্দি সৰিয়হৰ সৈতে মিহলাই হাতত বান্ধি থলে চৰ্মৰোগ আৰু বসন্ত ৰোগৰ সম্ভাৱনা যথেষ্ট কমি যায় ।

চুলিত জেতুকা ব্যৱহাৰ কৰিলে চুলি পকা বন্ধ হয় আৰু উফি নাইকিয়া হয়।

বকুত খোঁচ মাৰিলে বা তেজ বমি হ’লে জেতুকাৰ ৰস সেৱন কৰিলে বহু উপশম পোৱা যায়। তদুপৰি জেতুকা পাতৰ ৰস গাত সানিলে গাৰ পুৰনি নাথাকে।

জেতুকা পাতৰ ৰস গাখীৰ আৰু মিচিৰিৰ লগত মিহলাই খালে স্বপ্নদোষ নাইকিয়া হয়।

নখৰ গুৰিত জেতুকা পাতৰ প্ৰলেপ লগালে নখৰ আনুসংগিক ৰোগৰ পৰা হাত সাৰিব পৰা যায় ।

জেতুকাৰ পাত চোবাই খালে মুখৰ দুৰ্গন্ধৰ নাইকিয়া হয়।

জণ্ডিছ হ’লে জেতুকা ফুলৰ ৰস দুই চামুছ আৰু দহ চামুচ চাউলধোৱা পানীৰ লগত মিহলাই দিনে ২বাৰকৈ ৫-৬ দিনমান খালে যথেষ্ঠ পৰিমানে সুফল পোৱা যায় ।

জেতুকাৰ ৰস ২ টোপালকৈ কাণৰ খহু হৈ পুঁজ ওলালে, পুঁজ ওলোৱা ঠাইত লগালে ভাল হয়।

চকু ওখহা বেমাৰত জেতুকাৰ পাত থেতেলি পানীৰ লগত উতলাই, সেই চেচাঁ হোৱা পানীৰে চকু ধুলে উপশম পোৱা যায়।

শৰীৰৰ দুৰ্গন্ধ, ঘাম আদিৰ ফলত হোৱা অশান্তিৰ পৰা হাত সাৰিবলৈ জেতুকাৰ পাতৰ ৰস উলিয়াই গা ধুলে দুৰ্গন্ধ নাইকিয়া হয়।

অনিদ্ৰাত ভূগিলে জেতুকা পাতৰ ৰসৰ লগত আধা চামুচ মৌজোল মিহলাই খালে সুফল পোৱা যায়।

জেতুকা পাতৰ ৰস কেইচামুচ নিতৌ গ্ৰহণ কৰিলে তেজ পৰিস্কাৰ হয়।

ভৰিৰ জলা পোৰা কৰা, বিষ তথা ইয়াৰ বিভিন্ন আনুসংগিক বেমাৰত জেতুকা পাত থেতেলি তাৰ প্ৰলেপ সানিলে যথেষ্ট সুফল পোৱা যায় ।

জেতুকা পাতৰ প্ৰলেপ কপাল আৰু মূৰত সানিলে উচ্চ ৰক্তচাপৰ পৰা কিছু পৰিমানে আৰাম পোৱা যায় ।

জণ্ডিজ ৰোগত জেতুকা পাত অতিকৈ উপকাৰী।

জিভাত উঠা ফোঁহা, ঘাঁ ইত্যাদি সমস্যাত জেতুকাৰ পাত চোবাই খালে আৰাম পোৱা যায়।

পায়েৰিয়া হ’লে দাঁতৰ আলু ফুলি যায় আৰু বিষ হোৱাৰ লগতে তেজ ওলাই । জেতুকাৰ পাতৰ ৰসৰ লগত খয়েৰৰ লগত মিহলাই পায়েৰিয়া হোৱা ঠাইত সানিলে যথেষ্ট আাৰাম পোৱা যায়।

মহিলাৰ মাহেকীয় সমস্যাৰ বাবেও জেতুকা পাত অতিকৈ উপকাৰী।