Local, Vocal, Global

ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ ফিল’বাৰীত ৰাইজৰ প্ৰতিবাদ

ডিজিটেল ডেস্ক:- ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ ফিল’বাৰীত ৰাইজৰ প্ৰতিবাদ। শতাধিক পুৰুষ-মহিলাৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চল। আমগুৰি-নাজিৰাটিঙৰ পৰা ফিল’বাৰী আৰক্ষী থানালৈ উলিওৱা হয় প্ৰতিবাদী সমদল।
স্থানীয় কেইবাটাও দল-সংগঠনে ৰাইজৰ এই প্ৰতিবাদত সহযোগ আগবঢ়া।

ফিল’বাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়াক কৰায়ত্ত নকৰাৰ অভিযোগ ৰাইজৰ। ফিল’বাৰী অঞ্চলত ড্ৰাগছৰ বেহা চলোৱা ড্ৰাগছ মাফিয়াৰ এখন তালিকা কিছুদিন পূৰ্বে ৰাইজে দিছিল ফিল’বাৰী আৰক্ষীক। কিন্তু আজিপৰ্যন্ত আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ ঘৰত অভিযান চলোৱাটো দূৰৈৰ কথা ড্ৰাগছ মাফিয়াকেইটাক থানালৈ মাতি আনি সোধা-পোছ কৰিবলৈও সাহস গোটাব নোৱাৰিলে।