Local, Vocal, Global

Shrinkhal Chaliha arrested: শৃংখলক গ্ৰেপ্তাৰক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

শিৱসাগৰ , ২মে’ : বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া(Akhil Gogoi on arrest of Shrinkhal Chaliha) । সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে অসম চৰকাৰক কৰিলে সমালোচনা । বিধায়কগৰাকীয়ে শৃংখলৰ কৰ্মক গৰিহণা দিয়াৰ লগতে সমান্তৰালকৈ লাচিত সেনাৰ নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিছে(Akhil Gogoi criticized Assam government) ।

শৃংখলক গ্ৰেপ্তাৰক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে শৃখল চলিহাক গ্ৰেপ্তাৰৰ পাছতে বিধায়ক অখিল গগৈয়ে লিখিলে এইদৰে , “মই শৃংখল চলিহাক গৰিহনা দিছো কিন্তু তাৰ পাছতো শৃংখলৰ গ্ৰেপ্তাৰক মই সমৰ্থন নকৰোঁ । জাতীয় সংগঠনৰ নেতাক মাৰপিট কৰা বহিৰাগত ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিবলৈ থানাত ধৰ্ণা দিব লাগে আৰু বিহুৰ চান্দা বিচাৰি যাওঁতে সংঘাত হোৱা জাতীয় সংগঠনৰ নেতাৰ ওপৰত বহিৰাগতই এজাহাৰ দিলে লগে লগে গ্ৰেপ্তাৰ কৰে। এয়াই “খিলঞ্জীয়া চৰকাৰ”ৰ আচল স্বৰূপ(Akhil Gogoi on facebook)।”

এনেদৰে অসম চৰকাৰক সমালোচনা কৰি বিধায়কগৰাকীয়ে লগতে লিখিলে , ” গুণ্ডা ঠিকাদাৰক এতিয়ালৈকে জে’ললৈ নপঠিয়াই থানাত ৰাখি থোৱা হৈছে আৰু শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰি বিতৰ্কিত ঠিকাদাৰক বচাব খোজা হৈছে। অভিযোগ অনুসৰি শৃংখল চলিহাই যদিহে মানুহক থুৱাইছে তেন্তে তেওঁ বেয়া কৰিছে। আমি শৃংখলক গৰিহনা দিছো, কিন্তু একেটা সময়তে চৰকাৰৰ বৈষম্য দৃষ্টিকটু হৈছে। বীৰ লাচিত সেনাৰ নেতা শৃংখলক অনতিবিলম্বে মুক্তি দিবলৈ আমি দাবী জনালোঁ।”

উল্লেখ্য যে অনা অসমীয়া ব্যৱসায়ী মাণিক চান্দ কেডিয়াই সোমবাৰে শিৱসাগৰ আৰক্ষী থানাত ৰুজো কৰা গোচৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে অৰ্থাৎ আজি পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰে শৃখল চলিহাক(Assam police arrested Shrinkhal Chaliha) । অভিযোগ অনুসৰি বিহুৰ চান্দা তুলিবলৈ গৈ মাণিক চান্দ কেডিয়াক আছুতীয়াকৈ গুণ্ডাকৰ দাবী কৰিছিল শৃংখল চলিহাই । এই লৈ দুযোৰে মাজত সংঘাত সৃষ্টি হয় আৰু বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ব্যৱসায়ী কেডিয়াৰ মুখত থু পেলাই দিয়ে(Bir Lachit Sena leader) ।

২৮ এপ্ৰিলত সংঘটিত এই ঘটনাক লৈ ব্যৱসায়ী মাণিক কেডিয়াই সোমবাৰে শিৱসাগৰ আৰক্ষী থানাত গোচৰ তৰে । এই অভিযোগৰ ভিত্তিতে শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি এক টুইট যোগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কৰিলে উল্লেখ ।

অলপতে এক মাৰপিটৰ ঘটনাক লৈ শিৱসাগৰ জিলাত ইতিমধ্যে অব্যাহত আছে এক চেপা উত্তেজনা । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক ঠিকাদাৰ নিৰ্মল ম’ৰে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ আছে জিলাবাসী । ইয়াৰ মাজতে শৃংখল চলিহাৰ গ্ৰেপ্তাৰৰ প্ৰসংগক লৈ শিৱসাগৰৰ লগতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক : Shrinkhal Chaliha Arrested: ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ শৃংখল