দ্ৰৌপদী মুৰ্মুৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্য়ৰ পিছতে ক্ষমা বিচাৰিলে অখিল গগৈয়ে

নিউজ ডেক্স ১৯ জুলাই : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাজতে NDA ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ পিছতে ৰাজ্যৰ আদিবাসী সম্প্ৰদায়ৰ বিধায়ক তথা বিভিন্নজনে অখিল গগৈৰ বিৰোধীতা কৰিছিল।
অখিল গগৈক চাহ বাগিচা অঞ্চলত নিষিদ্ধ কৰাৰো হুংকাৰ দিছিল বহু জনে। ইয়াৰ পিছতে মঙলবাৰে এক ভিডিঅ’যোগে ক্ষমা বিচাৰিলে অখিল গগৈয়ে।
ভিডিঅ’ বাৰ্তাটোত ক্ষমা বিচাৰি অখিল গগৈয়ে কয় যে, ‘‘ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মই কোৱা কেইটামান বাক্য আৰু শব্দই আদিবাসী, চাহ জনগোষ্ঠীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মই কোৱা সেই বাক্যৰ বাবে ক্ষমা বিচাৰো আৰু শব্দকেইটা উঠাই লৈছো।
কালি মই ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰসংগত তিনিটা শব্দ ব্যৱহাৰ কৰিছিলো, এটা হ’ল কাঠৰ মূঢ়া, এটা হ’ল আদিবাসী মহিলা নহয় আৰু অভিজাত শ্ৰেণী। এই তিনিওটা শব্দ আজি মই উঠাই লৈছো।
এই বাক্যটোৱে কিছুসংখ্যক মানুহৰ মাজত দুখ দিয়া দেখা গৈছে। গতিকে মই এই বাক্যটো আজি উঠাই লৈছো বুলি ঘোষণা কৰিছো। আনহাতে মই দ্ৰৌপদী মুৰ্মুৰ কথা উল্লেখ নকৰাকৈ কাঠৰ মুঢ়া বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলো। সেই শব্দটোৱেও দুখ দিয়া দেখা গৈছে। সেই শব্দটোও মই উঠাই লৈছো।
যিসকল লোকে এই শব্দটোক লৈ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে, মই সকলোৰে ওচৰত আজি ক্ষমা বিচাৰিছো। মই আশা ৰাখিছো, অসমৰ আদিবাসী ৰাইজে, চাহ জনগোষ্ঠীৰ সংগঠনসমূহে এই বিষয়টোক লৈ ধৰি নাথাকিব, সেইবাবে তেখেতসকলৰ ওচৰত মই দুখ প্ৰকাশ কৰাৰ লগতে ক্ষমা বিচাৰিছো।’’