Local, Vocal, Global

ছলমান খানৰ ৫৫ তম জন্মদিন

বলীউডৰ অভিনেতা ছলমান খানৰ আজি ৫৫ তম জন্মদিন। ছলমানৰ জন্মদিন কেৱল তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বাবে উদযাপনৰ দিন নহয়, তেওঁৰ অনুৰাগী বাবেও উদযাপনৰ দিন। বহু বছৰ ধৰি, ছলমানৰ অনুৰাগী সকলে তেওঁৰ জন্মদিনত তেওঁলোকৰ প্ৰিয় চুপাৰষ্টাৰজনক এবাৰ দেখা পাবলৈ মুম্বাইৰ গেলেক্সি এপাৰ্টমেণ্টত ভিৰ লগাই। কিন্তু এই বছৰ অভিনেতাজনে তেওঁৰ অনুৰাগীসকলক ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে, তেওঁৰ ৫৫ তম জন্মদিনত তেওঁৰ ঘৰৰ বাহিৰত নাহিবলৈ অনুৰোধ জনাই।

“বহু বছৰ ধৰি অনুৰাগীসকলে স্নেহ আৰু মৰম মোৰ জন্মদিনত দি আহিছে কিন্তু এই বছৰ মোৰ নম্ৰ অনুৰোধ যে কভিড-১৯ আৰু সামাজিক দুৰত্ব বজাই ৰাখাৰ প্ৰতি লক্ষ্য ৰাখি, মোৰ ঘৰৰ বাহিৰত ভীৰ নকৰিব,” তেওঁৰ ভৱনৰ বাহিৰত প্ৰদৰ্শিত জাননীত ছলমান খানে কয়।