AIUDF MLA Aminul Islam Resigns After LS Election Upset : লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে AIUDFত খহনীয়া;সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ আমিনুল ইছলামৰ

নিউজ ডেস্ক,১০জুন : AIUDFত মোক্ষম আঘাত। লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে AIUDFত খহনীয়া । সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ আমিনুল ইছলামৰ। দলৰ সকলো বিষয়বাবৰ পৰা পদত্যাগ আমিনুল ইছলামৰ।বদৰুদ্দিন আজমললৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ ।
এইবাৰ লোকসভা নিৰ্বাচনত কেৱল সংখ্যালঘু ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল AIUDF দলে ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁও লোকসভা সমষ্টিত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিল ।কিন্তু তিনিওটা সমষ্টিতে সংখ্যালঘু মুছলমান ৰাইজে প্ৰত্যাখ্যান কৰাৰ ফলত বেয়াকৈ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় বদৰুদ্দিন আজমলৰ ৰাজনৈতিক দলটো(AIUDF MLA Aminul Islam Resigns After LS Election Upset) ।
ইফালে আজি আজমলৰ ঘনিষ্ঠ আইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ দলীয় সকলো বিষয়বাব ত্যাগ কৰা বিষয়টোৱে এআইইউডিএফৰ ভিতৰ চ’ৰাত আলোড়ন তুলিছে ।
উল্লেখ্য যে, লোকসভাৰ পৰাজয়ৰ পিছত সমগ্ৰ অসমতে দুৰ্বল হৈ পৰিছে AIUDF দলৰ দলীয় সংগঠন । AIUDF ৰ কেইবাগৰাকীও বিধায়কে দল এৰি কংগ্ৰেছত যোগদানৰ বাবে কংগ্ৰেছৰ সৈতে যোগাযোগত আছে বুলিও ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে ।
লগতে পঢ়ক : NDA govt to hold its first cabinet meeting today : আজি বিয়লি অনুষ্ঠিত হ’ব মোদী মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক