Local, Vocal, Global

AIUDF chief Badruddin Ajmal : ‘ৰাহুল গান্ধী আহিছে আৰু গৈছে; কংগ্ৰেছৰ ভগা হাতৰ কাম নাই়’। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই একো দিব নোৱাৰিলে- বদৰুদ্দিন আজমল

নিউজ ডেস্ক, ১ফেব্ৰুৱাৰী : পুনৰ কংগ্ৰেছক সমালোচনা এ আই ইউ দি এফৰ প্ৰধান সাংসদ বদৰুদ্দিন আজমলৰ।

বুধবাৰে নিশা গোৱালপাৰাৰ বাশবাৰীত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক সমালোচনা সাংসদগৰাকীৰ (AIUDF chief Badruddin Ajmal) ৷

সভাত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি আজমলে কয় ,’ৰাহুল গান্ধী আহিছে আৰু গৈছে। কংগ্ৰেছৰ ভগা হাতৰ কাম নাই়’। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই একো দিব নোৱাৰিলে, বৰং তেওঁ গুছি যোৱাৰ পিছে পিছে বহু কেইগৰাকী নেতাই কংগ্ৰেছ এৰি অন্য দলত যোগদান কৰিলে(AIUDF chief Badruddin Ajmal Slams Congress Leader Rahul Gandhi) ৷

সভাত ভূপেন বৰাকো কটাক্ষ কৰে সাংসদগৰাকীয়ে । ভূপেন বৰাক কটাক্ষ কৰি সাংসদ গৰাকীয়ে কয়, ‘‘ কংগ্ৰেছ দলটো অসমতো টুকুৰা টুকুৰ হৈ আছে বাহিৰতো হৈ আছে ৷ লজ্জা থকা হ’লে সভাপতি পদৰ পৰা পদত্যাগ কৰি বাৰানসীত গৈ ৰাম নাম লৈ থাকিব লাগিছিল ভূপেন বৰাই ৷ কংগ্ৰেছে পানী একাপ খাবলৈ দিব নোৱাৰে, কাৰণ কংগ্ৰেছ হৈছে এটা ভঙা কাপ ৷ কেবল টকাৰ লোভতহে আমাৰ ভাইসকল কংগ্ৰেছৰ লগত আছে ৷’’

আনহাতে নগাঁও লোকসভা সমষ্টি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ আজমলে কয়, ‘‘গৌৰৱ গগৈ হাৰিব ৷ আমি জিকিম ৷ কংগ্ৰেছ হ’ল বিজেপিৰ ‘এ’ টিম ৷’’

লগতে পঢ়ক : PM to visit Assam on Saturday : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী