মৃত্যুদূতৰূপী IX1344 এয়াৰ ইণ্ডিয়াৰ বিমান

কেৰালাৰ কোঝিকোডত ভয়ংকৰ বিমান দুৰ্ঘটনা
এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গ’ল কেৰালাৰ কোঝিকোড৷ ৰানৱে’ৰ সময়ত পিচলি দুটুকুৰা হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান৷ অৱতৰণৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা৷
এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় দুজন পাইলটসহ ১৮গৰাকী লোকৰ৷ ১২৩গৰাকী যাত্ৰী আহত হয়৷ ইয়াৰে ১৪গৰাকীৰ অৱস্থা সংকটজনক৷
কিন্তু দুৰ্ভাগ্যবশতঃ কেৰালাৰ কোঝিকোড বিমানবন্দৰত অৱতৰণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা৷ বিমানখন ডুবাইৰ পৰা কালিকোটলৈ গৈ আছিল৷ বিমানখনত আছিল ১৯১গৰাকী যাত্ৰী৷ দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ নম্বৰ আছিল IX1344. ডুবাইৰ পৰা বিয়লি ৪.৪৫ বজাত উৰা মাৰিছিল৷ আৰু কেৰালাৰ কোঝিকোডৰ কৰিপুৰ বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয়৷