Local, Vocal, Global

আগৰতলা আৰু চেকেন্দ্ৰাবাদৰ মাজত চলিব বিশেষ ৰেল

আগৰতলা আৰু চেকেন্দ্ৰাবাদৰ মাজত চলিব বিশেষ ৰেল

ত্ৰিপুৰা, ৮ নৱেম্বৰ: যাত্রীসকলৰ অতিৰিক্ত ভিৰ নোহোৱা কৰিবলৈ, ২০২১ চনৰ নৱেম্বৰ মাহত চেকেন্দ্ৰাবাদ আৰু আগৰতলাৰ মাজত এখন বিশেষ ৰেল চলাবলৈ সিদ্ধান্ত লৈছে এন এফ ৰেলৱে। যাত্রীসকলৰ সুবিধাৰ বাবে ৰেলখন প্ৰতিটো দিশৰ পৰা তিনিবাৰ ভ্ৰমনৰ বাবে চলিব। বিশেষ ৰেল নং ০৭০৩০ চেকেন্দ্ৰাবাদৰ পৰা আগৰতলালৈ বিশেষ তিনিটা ভ্ৰমনৰ বাবে চলিব। ২০২১ চনৰ ৮ নৱেম্বৰ, ১৫ নৱেম্বৰ আৰু ২২ নৱেম্বৰ তাৰিখে চেকেন্দ্ৰাবাদৰ পৰা ১৬-৩৫ ঘন্টাত ৰাওনা হৈ বৃহস্পতিবাৰে ৩-০০ বজাত আগৰতলা পাব।

বিনিময় দিশত, ৰেল নং ০৭০২৯ আগৰতলাৰ পৰা চেকেন্দ্ৰাবাদলৈ বিশেষ তিনিটা ভ্ৰমনৰ বাবে চলিব। ১২ নৱেম্বৰ, ১৯ নৱেম্বৰ আৰু ২৬ নৱেম্বৰ তাৰিখে আগৰতলাৰ পৰা ৬-১০ ঘন্টাত ৰাওনা হৈ দেওবাৰে ১৪-৫০ ঘন্টাত চেকেন্দ্ৰাবাদ পাব। এই বিশেষ ৰেলখনত লাগেজ ভেনৰ উপৰিও এচি-২ টায়াৰ, এচি-৩ টায়াৰ, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব। এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ বুলি এক প্ৰছ বিঞ্জপ্তিত কোৱা হৈছে।