After Assam, this time it is a tree plantation program in Madhya Pradesh:মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ৰোপণ কৰে গছপুলি

নিউজ ডেস্ক,৬ জুলাইঃ গছ অবিহনে আগন্তুক দিনবোৰ যে অধিক ভয়াৱহ হ’ব পাৰে সেয়া সহজেই অনুমেয়।এনে প্ৰেক্ষাপটতত বছৰেকত মাত্ৰ এটা দিন গছপুলি ৰোপণ কৰি উন্নয়নৰ নামত প্ৰায় প্ৰতিদিনেই বনধ্বংস কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।অসমৰ অমৃত বৃক্ষ কাৰ্যসূচীৰ পাছত এইবাৰ ভূপালৰ জম্বুৰীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ গছপুলি ৰোপণ কাৰ্যসূচী। (After Assam’s Amrit Tree Programme, this time madhya pradesh chief minister Mohan Yadav’s saplings are being planted at Jamburi in Bhopal).”এক পেড় মা কে নাম”শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচী।এই কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত ৰোপণ কৰা হয় প্ৰায় ৫ কোটি গছপুলি।
প্ৰদেশ খনৰ ভূপালতে ৰোপণ কৰা হয় প্ৰায় ১২ লাখ গছপুলি।বনবিভাগে ৰোপণ কৰে ৯ লাখ গছপুলি।পৰিৱেশ আৰু বনবিভাগৰ প্ৰচেষ্টাত এই গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগতে বনবিভাগৰ বিষয়া আৰু ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল।(The Chief Minister of Madhya Pradesh as well as the officials of the Forest Department and students and teachers were present in this sapling plantation program with the efforts of environment and forest department).
উল্লেখ কৰা প্ৰয়োজন যে গছপুলি ৰোৱাটো পেঞ্চনৰ আঁচনিত বিনিযোগ কৰাৰ নিচিনা।ৰাজ্যখনত ভূমিত ৰোপণ কৰা গছপুলিয়ে সেউজীয়া আৱৰণক বৃদ্ধি কৰিব।আজি ৰোপণ কৰা গছপুলিটো পিছলৈ এক সম্পদ হিচাপে পৰিগণিত হব।
লগতে পঢ়কঃ NDA-India at the front line again:১০ জুলাইত সাত ৰাজ্যৰ ১৩ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন