Local, Vocal, Global

কানাডাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙিলে দুৰ্বৃত্তই

নিউজ ডেক্স , ১৪ জুলাই : কানাডাত জাতিৰ পিতা মহাত্মা গান্ধীক চৰম অপমান।

বুধবাৰে কানাডাৰ Richmond Hill ৰ বিষ্ণু মন্দিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই ।

জানিব পৰা মতে, দুৰ্বৃত্তই প্ৰতিমূৰ্তিটো ভাঙি তাত অশালিন শব্দও লিখি থৈ যায়। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

৯ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো দিল্লীত নিৰ্মাণ কৰা হৈছিল আৰু ১৯৮৮ চনৰ মে’ মাহত এইটো উন্মোচন কৰা হৈছিল। প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ ৩০ বছৰ সম্পূৰ্ণ হৈছে আৰু ইয়াৰ পূৰ্বে এইধৰণৰ নিন্দনীয় কাম হোৱা নাছিল বুলি মন্তব্য কৰে মন্দিৰটোৰ অধ্যক্ষ বুধেন্দ্ৰ ডুবেই ।

ইফালে প্ৰতিমূৰ্তি ভঙা সন্দৰ্ভত ভাৰতীয় উচ্চ আয়োগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাক নিন্দনীয় আখ্যা দিয়াৰ লগতে কানাডাৰ প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

এই ঘটনাক লৈ আৰম্ভ হৈছে সমগ্ৰ বিশ্ব জুৰি ব্যপক চৰ্চা।